চৰকাৰী চাকৰিতকৈ কৃষিকৰ্মত মনোনিৱেশ কৰি সপোন বাস্তৱ কৰা মুন্নাফে দেখুৱাইছে আদৰ্শ

5bfb26db ad65 4181 a784 69c6ff62ac67

 

 

আন দহ জনৰ দৰে চ’কে-ঘাটে আড্ডা মাৰি সময় নষ্ট নকৰি মনোযোগেৰে খেতি কৰা যুৱকজন আজি সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। গোৰেশ্বৰৰ সমীপৱৰ্ত্তী কামৰূপ গ্ৰাম্য জিলাৰ পূৱপাৰ জটীয়াভাঙ্গাৰা গাঁৱৰ এগৰাকী শিক্ষিত যুৱক মুন্নাফ আলী। পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা আতৰি মুন্নাফ আলীয়ে আজি যি ধৰণে খেতি কৰি লাভৱান হোৱাৰ লগতে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।

মুন্নাফ আলিয়ে ৬২ বিঘা মাটিত বৰ্তমান ষ্ট্ৰবেৰী, ৰঙা প্ৰজাতিৰ আপেল বগৰী, অষ্ট্ৰেলিয়ান বল বগৰী, চিদলেছ বগৰী, ড্ৰেগন ফ্ৰুইটচ পৰা আৰম্ভ কৰি সৰিয়হ, নেমু, বিভিন্ন ধৰণৰ পাচলি , থলুৱা মাছ, আমৰ বাগানলৈ সকলো ধৰণৰ খেতি কৰি আহিছে । লগতে মুন্নাফ আলীৰ এখন লোকেল মুৰ্গীৰ ফাৰ্মোও আছে । শেষতীয়াকৈ বায়’ প্লাক পদ্ধতিৰে চাৰিবিঘা মাটিৰ পুখুৰীত মীন পালনো দিহা কৰিছে তেওঁ।

মুঠৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে সুপৰিকল্পিত ভাৱে কৃষি কাৰ্য কৰি এগৰাকী সফল খেতিয়ক হিচাপে চিনাকী দিব পাৰিছে মুন্নাফ আলীয়ে। বৰ্তমান কৃষিকাৰ্যৰে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱা মুন্নাফ আলীয়ে গোৰশ্বৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰিৰ বাবে চৰকাৰী অফিচে – অফিচে ঘুৰি নুফুৰি কৃষি কৰ্মৰ সৈতে নিজকে জৰিত কৰালে আৰু তাৰ সুফল তেওঁ পোৱাই নহয় সমাজৰ আন দহজনকো নিদৰ্শণ দাঙি ধৰিবলৈ সক্ষম হৈছে। পিতৃৰ আঙুলিত ধৰি শৈশৱৰ পৰা কৃষি কৰ্ম কৰি ভাল পোৱা মুন্নাফ সম্প্ৰতি এজন আদৰ্শ খেতিয়ক ৷

তেওঁ সততে বজাৰত পোৱা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কৃষিভূমিত জৈৱিকসাৰ প্ৰয়োগ কৰিছে। তেওঁ ২০১৮ চনৰ পৰা ষ্ট্ৰবেৰী খতি কৰিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে বছৰি প্ৰায় চল্লিশ -পঞ্চাশ  হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা ষ্ট্ৰবেৰী বিক্ৰী কৰি তেওঁৰ লাভ কৰিছে প্ৰায় পাঁচলাখ টকা। ষ্ট্ৰবেৰী খেতিৰে তেওঁ অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা শ্ৰেষ্ঠ খেতিয়কৰো সন্মান লাভ কৰিছে। ঠিক তেনেদেৰে বগৰী খেতিৰো পৰা লাভৱান হ’ব পাৰিব বুলি আশা কৰিছে মুন্নাফে।

সেয়েহে মুন্নাফে ভাৱে যে চাকৰি কৰাতকৈ তেওঁ খেতি কৰি নিজৰ লগতে পৰিয়ালৰ ভাত মোকলাব। উল্লেখ্য যে তেওঁ এইবাৰো নতুনকৈ ষ্ট্ৰেৱেৰী খেতি কৰিছে আৰু ফল ভাল আহিলে বজাৰত সিমানে লাভবান হ’ব পাৰিব। তেওঁ বৰ্তমান চাৰিটা প্ৰজাতিৰ বগৰী খেতিও কৰিছে। যি বগৰীৰ বজাৰত ষথেষ্ঠ চাহিদা সেয়েহে মুন্নাফ আলীৰ কৃষি ভূমিত উৎপাদিত বগৰীয়ে হওঁক বা ষ্ট্ৰবেৰীয়ে হওঁক মহানগৰী গুৱাহাটী , ৰঙিয়া, মংগলদৈ আদিৰ বজাৰত ষথেষ্ঠ চাহিদা।

উৎপাদনতকৈ বেছি চাহিদা থকাৰ পিছতো কেতিয়াবা তেওঁ সামগ্ৰী দিব নোৱাৰা হৈ যায়। কৃষিকৰ্মেৰে আত্মসংস্থাপনৰ বাট দেখা মুন্নাফ আলী এতিয়া দুগুণ উৎসাহেৰে কৃষি কৰ্মত নিজকে নিয়োজিত কৰিছে। একেদেৰে তেওঁৰ আনকেবাজনো বন্ধুকো তেওঁ কৃষি কৰ্মৰ সৈতে জৰিত কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত কামৰূপ জিলাৰ দুমনীচ’কীৰ দিলদাৰ আলীও এক উদাহৰণ।

আনকি লকডাউনৰ পূৰ্বে ট্ৰেভেল ব্যৱসায়ৰ সৈতে জৰিত থকা মুন্নাফৰ ভাতৃ আব্দুল গনিকো বৰ্তমান কৃষি কৰ্মৰে জৰিত কৰাইছে। গুৱাহাটীত ট্ৰেভেল ব্যৱসায় কৰি থকা ভাতৃ আব্দুল গনিয়েও এতিয়া কৃষি কাৰ্যৰে স্বাবলম্বী হোৱাৰ সপোন ৰচিছে। কৰ্মবিমুখতাৰে বিপৰীতে মুন্নাফ আলীৰ দৰে ৰাজ্যখনৰ আন দহজন শিক্ষিত যুৱক-যুৱতীয়েও কষি কৰ্মৰ সৈতে নিজকে জৰিত কৰাই আগবাঢ়ি আহিলে হয়তো নিবনুৱা সমস্যা ৰাজ্যখনত বহু পৰিমাণে কমি যাব বুলি বিশ্বাস কৰে মুন্নাফ আলীয়ে।

Exit mobile version