বংগােপসাগৰৰ মাজৰ বিচ্ছিন্ন দ্বীপলৈ পুনৰ ডেৰ হেজাৰ ৰােহিংগীয়াক প্রেৰণ বাংলাদেশৰ

2a2e794b c65a 48dc 8d46 200781c74416

মূল ভূ-খণ্ডৰ পৰা ৩৪ কিলােমিটাৰ দূৰত বংগােপসাগৰৰ মাজত থকা এটি বিচ্ছিন্ন দ্বীপলৈ ৰােহিঙ্গীয়া শৰণাৰ্থীক প্ৰেৰণ কৰিছে বাংলাদেশ-চৰকাৰে। বহুকেইটা মানৱ অধিকাৰ সংগঠনৰ আপত্তিক নস্যাৎ কৰি ৰােহিংগীয়া
শৰণাৰ্থীসকলক বিচ্ছিন্ন দ্বীপটোলৈ প্রেৰণ কৰা হৈছে।

মানৱ অধিকাৰ সংগঠনৰ পৰা এই বিষয়ত আপত্তি কৰিলেও চৰকাৰীভাৱে দাবী কৰা হৈছে যে শৰণাৰ্থীসকলৰ ইচ্ছা অনুসৰিয়েই তেওঁলােকক দ্বীপটোলৈ প্ৰেৰণ কৰা হয়। চৰকাৰে এই বিষয়ত মাত্র সহায়হে কৰিছে। ডিচেম্বৰৰ আৰম্ভণিতে প্রথমটো ৰােহিংগীয়া শৰণাৰ্থীৰ দলক দ্বীপটোত থৈ অহা হৈছিল। দ্বিতীয় পর্যায়ত ৩০খনৰাে অধিক বাছেৰে প্ৰায় ডেৰ হেজাৰ ৰােহিংগীয়াক বাংলাদেশ কক্সবাজাৰ জিলাস্থিত শিবিৰৰ পৰা উক্ত দ্বীপলৈ লৈ যােৱা হয়।

শৰণার্থী প্ৰেৰণৰে জড়িতসকলৰ নাম প্রকাশ কৰিবলৈ অস্বীকাৰ কৰা এজন চৰকাৰী বিষয়াই জনােৱা অনুসৰি ৰােহিংগীয়াসকলক চট্টগ্রামৰ ওচৰত এটা অস্থায়ী শিবিৰত তেওঁলােকক এনিশাৰ বাবে ৰখা হয়। তাৰ পৰা নৌবাহিনীৰ জাহাজেৰে দ্বীপটোলে নিয়া হয়। বাংলাদেশৰ প্ৰধানমন্ত্রী কার্যালয়ৰ তৰফৰ পৰা জনােৱা অনুসৰি ডেৰ হেজাৰ ৰােহিংগীয়াই স্ব-ইচ্ছাৰে দ্বীপটোলৈ গৈছে। ‘ভাচান চৰ নামৰ এই দ্বীপটোৰ ২০ বছৰ পূর্বে কোনাে অস্তিত্ব নাছিল। তাৰ পাছত লাহে-লাহে মাটি জমা হৈ দ্বীপটোৰ সৃষ্টি হয়।

বর্ষা ঋতুৰ সময়ত দ্বীপটো এতিয়াও পানীৰে তল যায়। অৱশ্যে শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা বান ৰােধ কৰিবলৈ বান্ধ বনােৱা হৈছে। দ্বীপটোত ভাৰতীয় মুদ্রাত প্রায় ৮২১ কোটি ৮২ লাখ ৮০ হেজাৰ টকা ব্যয় কৰি ঘৰ-দুৱাৰ, হাস্পতাল, মছজিদ আদি নির্মাণ কৰিছে দেশখনৰ নৌ বাহিনীয়ে। যােৱা চাৰি ডিচেম্বৰত প্রথম পর্যায়ত ১৬৪২ জন ৰােহিংগীয়া শৰণাৰ্থীক দ্বীপটোলৈ লৈ যােৱা হয়।

সেই সময়তাে মানৱ অধিকাৰ সংগঠন বিলাকে আপত্তি কৰিছিল। সংগঠনবিলাকৰ এনে আপত্তি নস্যাৎ কৰি বলপূর্বকভাৱে শৰণাৰ্থীসকলক দ্বীপটোলৈ প্ৰেৰণ কৰাৰ অভিযােগ উত্থাপন হৈছে। বাংলাদেশ চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ এমেনেষ্টি ইন্টাৰনেচনেল এণ্ড হিউমেন ৰাইটছ ৱাচৰ পৰাও আবেদন জনােৱা হৈছে।

ৰাষ্ট্ৰসংঘৰ দ্বাৰাও দ্বীপটোত ভাৰতীয় মুদ্রাত প্রায় ৮২১ কোটি ৮২ লাখ ৮০ হেজাৰ টকা ব্যয় কৰি ঘৰ-দুৱাৰ, হাস্পতাল, মছজিদ আদি নির্মাণ কৰিছে দেশখনৰ নৌ বাহিনীয়ে। যােৱা চাৰি ডিচেম্বৰত প্রথম পর্যায়ত ১৬৪২ জন ৰােহিংগীয়া শৰণাৰ্থীক দ্বীপটোলৈ লৈ যােৱা হয়। সেই সময়তাে মানৱ অধিকাৰ সংগঠন বিলাকে আপত্তি কৰিছিল। এই শৰণাৰ্থীসকলৰ পক্ষে প্রশ্ন উত্থাপন কৰা হৈছে।

ইয়াৰ মাজতে বাংলাদেশৰ ৱাইদুল কাদেৰ নামৰ মন্ত্রীজনে দাবী কৰিছে যে ইয়াৰ পূর্বে দ্বীপটোলৈ যােৱা শৰণাৰ্থীসকলে তাৰ ব্যৱস্থাক লৈ সন্তুষ্ট। দ্বীপটোত লক্ষাধিক লােকে বসবাস কৰিব পাৰিব। কিন্তু আন্তর্জাতিক সংগঠন তথা সংবাদ মাধ্যমে সম্পূর্ণ বিপৰীতভাৱেহে প্ৰচাৰ কার্যত নামি পৰিছে। ২০১৭ৰ পৰৱৰ্তী সময়ছােৱাত ম্যানমাৰৰ পৰা প্রায় সাত লাখ ৰােহিংগীয়া বাংলাদেশলৈ পলাই আহিছে।

ম্যানমাৰৰ সামৰিক বাহিনীৰ অত্যাচাৰৰ আতংকত ৰােহিংগীয়াসকলে পলাই আহে। দেশখনত ৰােহিংগীয়াৰ ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ লগতে মহিলাসকলক ধর্ষণ কৰাৰাে অভিযােগ আছে। ৰােহিংগীয়াসকলে দেশখনত কোনাে নাগৰিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হােৱা নাছিল।

অৱশ্যে বাংলাদেশ আৰু ম্যানমাৰৰ মাজত হােৱা দ্বিপাক্ষিক আলােচনাৰ পাছত ৰােহিংগীয়াসকল উভতি যােৱাৰ বাট সুগম হয়; কিন্তু ৰােহিংগীয়াসকলে ম্যানমাৰলৈ উভতি যাব বিচৰা নাই। ফলত বাংলাদেশৰ ওপৰত ৰােহিংগীয়া শৰণাৰ্থীৰ চাপ অধিক বৃদ্ধি পাবলৈ লৈছে ।

Exit mobile version