ব্যর্থতাই দুৱাৰ মুকলি কৰি দিলে সফলতাৰ : চাহ বিক্ৰী কৰি হ’ল কোটিপতি

সাধাৰণ নামভর্তি পৰীক্ষা (কেট)ত পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছতহে ভাৰতৰ প্রথম শাৰীৰ বিজনেছ স্কুলত নামভৰ্তিৰ সুযােগ লাভ কৰে ছাত্র-ছাত্রীসকলে। প্রতি বছৰে কেবা হেজাৰ ছাত্র-ছাত্রীয়ে ফলতাৰে বিজনেছ স্কুলৰ পাঠ্যক্রম সম্পূর্ণ কৰি মােটা অংকৰ দৰমহাৰ চাকৰিৰ আশা কৰে। একে ধৰণৰ আশা কৰিছিল মধ্য প্রদেশৰ প্ৰফুল বিল্লোৰেও। সম্পূর্ণ তিনি বছৰ ধৰি পাঠ্যপুথিৰ মাজতে দিনৰ দিনটো পাৰ কৰিছিল।2fe0fee19fa293b0c728abcdc979413d

চেষ্টাৰ ক্ৰটি কৰা নাছিল কেটত উত্তীর্ণ হ’বলৈ; কিন্তু ব্যর্থতাৰ খবৰ কঢ়িয়াই আনে প্রতি বছৰে। ভগ্ন হৃদয় লৈ অৱশেষত প্ৰফুলে পথত চাহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। এটা সময়ত এনেদৰেই ‘এম বি এ চাইৱালা’ৰূপে জনপ্রিয় হৈ উঠিল প্রফুল। বিছনছ স্কুলত স্থান নাপালেও সফল ব্যৱসায়ী হৈ উঠিল প্রফুল। জীৱনত লাভ কৰা ব্যর্থতাক সাৰােগত কৰিয়ে সফল ব্যৱসায়ী হ’ল প্রফুল। প্ৰাৰম্ভিক ব্যর্থতাই প্রফুলক জীৱনটো অন্যভাৱে লােৱাত বাট দেখুৱালে।

সম্প্রতি বিশ্বৰ প্রথম শাৰীৰ বিছনেছ স্কুলত ছাত্র-ছাত্রীসকলৰ সন্মুখত ভাষণ দিয়ে এইজন প্ৰফুল বিল্লোৰে। এই ভাষণত সফল ব্যৱসায়ী হৈ উঠাৰ পাঠ পটুৱায় প্রফুলে। ২০১৪ৰ পাছত প্ৰফুলৰ ভাগ্য পৰিৱৰ্তন হৈছিল। কেটত তিনিবাৰ ব্যর্থ হােৱাৰ পাছত নিজস্বভাৱেই কিছুদিনলৈ পাৰ কৰিছিল অৱসৰৰ সময়। পিতৃৰ পৰা ধন লৈ ভ্ৰমণ কৰিছিল দেশৰ বহুকেইখন নগৰ-চহৰ। ইয়াৰ মাজতে ত্যাগ কৰিছিল এম বি এ হােৱাৰ সপােন; কিন্তু ঘৰত কথাটো জনাবলৈ সাহস কৰা নাছিল।

অৱশেষত আহমদাবাদলৈ অহাৰ সময়ত কিবা এটা কাম আৰম্ভ কৰিবলৈ মন স্থিৰ কৰে। প্রথমে মেকডনাল্ডৰ বিপণীত সাক্ষাৎকাৰ দি কামত ধৰে। সমগ্ৰ দিনটো বিপণীখনত ঝাড়ু দিবলগীয়া হৈছিল প্ৰফুলে। মাজে সময়ে ‘অর্ডাৰ লােৱা তথা খাদ্য পৰিবেশনৰ কামাে কৰিছিল। এনেদৰেই সময় আগবাঢ়িছিল। উপার্জন কৰিছিল কিছু ধন। অৱশ্যে মনত নাছিল শান্তি। জীৱনক লৈ সৃষ্টি হৈছিল আক্ষেপ। নিজস্বভাৱে কিবা এটা কৰাৰ কথা ভাবিয়ে চাহ বিক্ৰীৰ কথা চিন্তা কৰে।

আহমদাবাদত এখন এম বি কলেজত নামভৰ্তি কৰিব বুলি ঘৰৰ পৰা আনে আঠ হেজাৰ টকা। কেটলি, কাপ, ট্রে তথা চাহ প্ৰস্তুত কৰা সকলো সামগ্ৰী একগোট কৰি পৰবৰ্তী দিনটোৰ পৰাই পথৰ কাষত চাহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।প্ৰথম দিনটোত এজনো গ্ৰাহক লাভ নকৰিলে । সেয়েহে নিজে গ্ৰাহকৰ ওচৰলৈ যাবলৈ সিদ্ধান্ত লয় । গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি চাহ বনাই দিবলৈ লয় । ইংৰাজীত কথা কোৱা চাইৱালাক সকলোৱে পছন্দ কৰিবলৈ লয়।

এনেদৰে পাঁচজন ২০জনকৈ দৈনিক এশজনলৈ বৃদ্ধি পায় গ্ৰাহকৰ সংখ্যা।দুসপ্তাহৰ ভিতৰতে প্ৰফুল অন্যান্য চাহ বিক্রেতাৰ বাবে ঈর্ষাৰ কাৰণ হৈ উঠে।ফলত উঠাই দিয়া হ’ল প্রফুলৰ চাহৰ দোকান। ইয়াৰ পাছত কে’বা দিনলৈ প্ৰফুলে চাহ বিক্ৰী কৰিব পৰা নাছিল। সেই সময়ত গ্রাহকে প্রফুলক চলাথ কৰি ফুৰিছিল। ফেচবুক আৰু ইনস্টাগ্রামত প্রফুলৰ স’তে যােগাযােগ আৰম্ভ কৰে বহুতে। কিছুদিনৰ পাছত আহমদাবাদৰ আন স্থানত দোকান মুকলি কৰে প্ৰফুলে। স্থানীয় এখন হাস্পতালৰ ভিতৰত মাহত হেজাৰ টকাৰ ভাড়া দি নতুন দোকানখনৰ ব্যৱসায় আৰম্ভ কৰে।

চাহ বিক্ৰীৰ লগতে গ্রাহকৰ স’তে নিত্য নতুন ধাৰণাৰে যােগাযোেগ আৰম্ভ কৰে। কৰে। ব্যৱসায় আগবঢ়াবলৈ পুনৰ পিতৃৰ পৰা আনে ৬০ হেজাৰ টকা। পিতৃক কিন্তু প্রকৃত সত্য জনােৱা নাছিল। পিতৃয়ে পাছত যাতে ব্যৱসায়ত বাধা নিদিয়ে সেই উদ্দেশ্যে স্থানীয় এখন কলেজত নামভৰ্তি কৰি লয়;কিন্তু কেইদিনমান শ্রেণীকোঠাত উপস্থিত থকাৰ পাছত পুনৰ আৰু নগ’ল কলেজলৈ। নিজৰ চাহৰ দোকানৰ নাম দিলে এম বি এ চাইৱালা।

প্রফুলৰ বাবে এম বি এৰ সম্পূর্ণ অর্থ হ’ল ‘মিষ্টাৰ বিল্লোৰ আহমদাবাদ। অৱশ্যে বহুতে ইয়াৰ অৰ্থ বুজিব পৰা নাছিল। সকলােৱে ভাবিছিল চাইৱালাজন এজন এম বি এ। বহুতে বিষয়টোক লৈ ৰস পাইছিল। অৱশ্যে এনে কাৰণত ব্যৱসায়ত কোনাে প্রভাৱ পৰা নাছিল। সম্প্রতি প্রফুলৰ আহমদাবাদ দোকানখন ৩০০ বর্গ ফুট। দোকানত আছে ২০ জন কর্মচাৰী। বিজনেছ স্কুলত ভর্তি হ’ব নােৱাৰিলেও প্রফুল বর্তমান এজন কোটিপতি। ২০১৯-২০ত তিনি কোটি টকা অর্জন কৰিছে। আই আই এম তথা হার্ভার্ড বিজনেছ স্কুলতাে সঘনাই প্ৰদান কৰি আহিছে ভাষণ। নিজৰ কাহিনীৰ দ্বাৰা।মনােবল বৃদ্ধি কৰে ছাত্ৰ-ছাত্ৰীসকলৰ।

Exit mobile version