আজি ৰাজধানী দিল্লীত ট্রেক্টৰ লৈ কৃষকৰ প্ৰতিবাদ

india farmers protest 41174 c0 230 5500

কৃষকসকলে দিনৰ প্ৰায় ১১ বজাত ট্ৰেক্টৰ ৰেলী আৰম্ভ কৰে । তেওঁলোকে কুণ্ডলি, মানেচৰ, পালৱাল এক্সপ্ৰেছৱেলৈ ৰাওনা হয় । সেয়েহে দিল্লী আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীক নিৰাপত্তাৰ বাবে ৰখা হয় ।কৃষক সংগঠনবোৰে কয় যে, তেওঁলোকৰ এই ট্ৰেক্টৰ ৰেলী ২৬ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তৰ হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ ওলাবলগীয়া পেৰেডৰ “ৰিহাৰ্চেল”হে।

“আগন্তক দিনত, তিনিখন কৃষি আইনৰ বিৰুদ্ধে আমাৰ আন্দোলন অধিক তীব্ৰতৰ কৰিম। হাৰিয়ানাৰ প্ৰায় ২,৫০০ ট্ৰেক্টৰে আজিৰ মাৰ্চত অংশগ্ৰহণ কৰিছে। আমি সতৰ্ক কৰিব বিচাৰো যে যদি চৰকাৰে আমাৰ দাবী গ্ৰহণ নকৰে, কৃষকৰ প্রতিবাদ অধিক তীব্ৰ হ’ব” কৃষক মৰ্চাৰ জ্যেষ্ঠ সদস্য অভিমন্যু কোহাৰৰ মন্তব্য।

ট্ৰেক্টৰ মাৰ্চ চাৰিটা পৃথক স্থানৰ পৰা আৰম্ভ হৈছিল – ছিংঘুৰ পৰা টিক্ৰী ব’ৰ্ডাৰ, টিক্ৰী ৰ পৰা কুণ্ডলি, গাজিপুৰৰ পৰা পালৱাল আৰু ৰেৱাছনৰ পৰা পাললৈ।পাঁচ জানুৱাৰীত কৃষক আৰু মন্ত্ৰীৰ মাজত অন্তিমখন সভাত কৃষক নেতাসকলে কয় যে, কৃষিমন্ত্ৰী নৰেন্দ্ৰ ট’মাৰে তেওঁলোকক উচ্চতম আদালতলৈ যাবলৈ কৈছিল কিয়নো কেন্দ্ৰই আইন প্ৰত্যাহাৰ কৰিব নিবিচাৰে।

যোৱা মাহত, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ আলোচনা বিফল হোৱা তৰ্ক কৰি এখন বিশেষ সমিতি গঠন কৰাৰ নিৰ্দেশ দিছিল। “আপোনাৰ মীমাংসা পুনৰ বিফল হ’ব কিয়নো তেওঁলোকে (কৃষক) সন্মত নহ’ব” ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বাধীন বেঞ্চখনে কয়।

“নতুন আইন বলবৎ হোৱাৰ সাত মাহ পাৰ হৈ গ’ল আৰু চৰকাৰে তেতিয়াৰ পৰা কৃষকৰ সৈতে সাত পৰ্যায়ৰ আলোচনা কৰিছে, কিন্তু ই কৃষকৰ সাতটা শব্দ শুনা নাই, যিবোৰ হৈছে – আমি কৃষি আইন বাতিল কৰিব বিচাৰো,” স্বৰাজ আভিযানৰ নেতা যোগেন্দ্ৰ যাদৱে কয়।

কৃষকসকল অবিতৰ্ক যে তেওঁলোকে আইন বাতিলতকৈ কম একো গ্ৰহণ নকৰিব। তেওঁলোকে নিম্নতম সমৰ্থিত মূল্য নিশ্চিত কৰা আইন বিচাৰে। চৰকাৰে কয় যে আইনবোৰে মধ্যভোগীসকলক আঁতৰাই কৃষকসকলক লাভান্বিত কৰিব আৰু তেওঁলোকক দেশৰ যিকোনো স্থানত শস্য বিক্ৰী কৰিবলৈ সক্ষম কৰিব, তেওঁলোকে কৃষকসকলক প্ৰৰোচিত কৰি থকা বুলি কৈ বিপক্ষক দোষাৰোপ কৰিছে।

Exit mobile version