তিনিদিনীয়া কাৰ্যসূচীৰে মিচিং সাহিত্য সভাৰ সৌজন্যত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা

7114d2d8 bd5e 4952 853b e3ad687a6cf3

সাত জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মিচিং সাহিত্য সভাৰ সৌজন্যত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অনুষ্ঠিত কৰা হয়।অসমৰ ১৩ টা ভাষাৰ বহুভাষিক অভিধান সম্পাদনাৰ পঞ্চম কৰ্মশালা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য সদৰ গোগামুখস্থিত দীৰ্পাই ইকো- কেম্পত অনুষ্ঠিত হৈছে। আজি প্রথম দিনৰ কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠান ৰাতিপুৱা ১১-০০ বজাত অনুষ্ঠিত কৰা হয়। আৰম্ভণি অনুষ্ঠানত সভাপতিত্ব কৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ সভাপতি তথা ইটছা’ ৰ সভাপতি শ্ৰী গোবিন্দ টাইদ দেৱে।

উদ্বোধনী কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য শ্ৰী ৰাজু পেগুৱে। এই কৰ্মশালাত বড়ো, ডিমাছা, দেউৰী, গাৰো,কাৰ্বি, মিচিং, ৰাভা আৰু তিৱা সাহিত্য সভাৰ তৰফৰ পৰা তিনি জনকৈ বিষয়ববীয়া তথা সমল ব্যক্তি সকলে যোগদান কৰে। এই আৰম্ভণি অনুষ্ঠানৰ আত ধৰে মিচিং সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা ইটছা’ ৰ সম্পাদক শ্ৰী ডিম্বেশ্বৰ দলেয়ে। আমন্ত্ৰিত অতিথি, বিভিন্ন খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ বিষয়ববীয়া আৰু সমল ব্যক্তি সকলক পৰিচয় কৰাৰ লগতে মিচিং সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা কাৰ্যসূচীৰ আত ধৰে ইটছা’ ৰ সম্পাদক প্ৰধান শ্ৰী কমলাকান্ত মুছাহাৰীয়ে।

বিয়লি ২-০০ বজাত স্থানীয় বিধায়ক তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডাঃ ৰনোজ পেগুৱে বিশেষ অতিথি হিচাপে উপস্থিত থাকে আৰু ইটছা’ ৰ তৰফৰ পৰা তেখেতক আদৰণি জনোৱা হয়। লগতে তেওঁ চমু বক্তব্যৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ কাৰ্যসূচীৰ দ্বাৰা খিলঞ্জীয়া জনজাতীয় ভাষা সমূহ সম্বৃদ্ধ আৰু বিকাশ হোৱাৰ লগতে বিশ্ব বাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই নিব। যাৰ বিশ্ব বাসীয়ে বাৰেবৰনীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিষয়ে অৱগত হব।

ইয়াৰ পিছত স্থানীয় লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী প্ৰদান বৰুৱা দেৱ উপস্থিত হয় আৰু ইটছা’ লগতে বিভিন্ন খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ তৰফৰ পৰা নিজৰ নিজৰ সাংস্কৃতিক পৰম্পৰাগত গামোচা-আৰোনাইৰে সাংসদ গৰাকীক সম্বৰ্দ্ধনা জনোৱা হয়। সাংসদ শ্ৰী বৰুৱাইএ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ এই বহুভাষিক অভিধানৰ মাজেৰে জনজাতীয় ভাষা সমূহ জীয়াই থকাৰ বাত মুকলি হব আৰু এজনে আনজনৰ লগত মিলাপ্ৰীতি আৰু সমন্বয় গঢ়ি উঠিব বুলি আশা প্রকাশ কৰে।

Exit mobile version