ৱাশ্বিংটনৰ কেপিটেলত আক্ৰমণ

GettyImages 1230452151 1

বাহিৰত ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকসকলৰ তাণ্ডৱ । ভিতৰত কেপিটেলৰ সকলোবোৰ প্ৰৱেশ দ্বাৰ বন্ধ ।‌ দুৱাৰৰ বাহিৰত বন্দুক লৈ সৰৱ নিৰাপত্তাৰক্ষী । যিকোনো সময়তে দুৱাৰ ভাঙি ভিতৰত সোমাব পাৰে উগ্ৰ সমৰ্থকসকল । অৱশেষত গোপন সুৰংগৰে নিৰাপদ স্থানলৈ যাব দিয়া হ’ল চেনেটসকলক ।

বুধবাৰে (আমেৰিকান সময় অনুসৰি) এনে এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হয় আমেৰিকাৰ বিধানভমণ্ডলীয়ে ।কেপিটেলত বিধানমণ্ডলৰ জনপ্ৰতিনিধিসকল বিতৰ্কত মগ্ন‌ হৈ আছিল । আলোচনাৰ অন্তত ইলেক্টৰেল কলেজৰ ভোটৰ অনুসৰি চৰকাৰীভাৱে জ’ বাইডেনেই নিৰ্বাচিত হ’ব ।

কিন্তু ট্ৰাম্পৰ ৰিপাব্লিকান চেনেটসকলে পৰাজয় স্বীকাৰ নকৰে । ট্ৰাম্প সমৰ্থকসকলে‌ কেপিটেলত আক্ৰমণ কৰে ।হাউচ স্পিকাৰ নেন্সি পেল’চিৰ ফ্ল’ৰ ডিৰেক্টৰ কেইথ ষ্টাৰ্ণে কয়, ‘প্ৰত্যেকেই নিজৰ নিজৰ আসনত বহি থাকক । শান্ত থাকক ।’আক্ৰমণকাৰীসকলক বাধা আৰোপ কৰিবৰ বাবে কন্দোৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে ।কেইথ ষ্টাৰ্ণে কয়, ‘চিটৰ তলত ৰখা গেছ মাস্ক পৰিধান কৰক সকলোৱে ।

‘অৱশেষত চেনেটৰ নিৰাপত্তাৰক্ষীসকলে কেপিটেলৰ সুৰংগৰে নিৰাপদ স্থানত যাবলৈ দিয়ে চেনেটসকলক । আক্ৰমণকাৰীসকলে কেপিটেলৰ ভিতৰত সোমাই সকলোবোৰ আচবাব, সামগ্ৰী লণ্ড-ভণ্ড কৰে । তেওঁলোকক বাধা প্ৰদান কৰিবলৈ গুলী চালনা কৰে । গুলী চালনাৰ ফলত চাৰিজন লোক নিহত হয় আৰু ৫২ জন লোকক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ পাছতেই ট্ৰাম্পৰ টুইটাৰ আৰু ফেচবুক একাউণ্টো লক কৰি দিয়া হয় ।

Exit mobile version