দিনটোৰ ৰাশিফল

Untitled 1 16

মেষঃ অনুকূল পৰিৱেশ । বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতা সকলো উপকৃত হ’ব । কৰ্মস্থানত বাধা দেখা নাযায় । শুভ বৰ্ণ বগা বা হালধীয়া । আজি যাত্ৰা কৰোতে হাতত এখন বগা ৰুমাল ল’ব । যাত্ৰাদি শুভ ।

বৃষঃ কৰ্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব । মন হঠাৎ বেয়াও হ’ব পাৰে । বিদ্যাৰ্থীসকলৰ শুভ । আপুনি আজি কমলা ৰঙৰ কাপোৰ পিন্ধিব । কমলা আপোনাৰ শুভ ৰং ।

মিথুনঃ প্ৰিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ । কৰ্মাদিত বেয়া দেখা নাযায় । ভ্ৰমণত কষ্ট পাব পাৰে । পৰাপক্ষত ভ্ৰমণ নকৰাই ভাল । ঘৰুৱা অশান্তিৰ মাজত ঠিক ৰখাৰ যত্ন কৰক । শুভ বৰ্ণ নীলা ।

কৰ্কটঃ উন্নত পৰিৱেশ । ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে । কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰ সম্ভাৱনা । যাত্ৰা শুভ । যাত্ৰা বা শুভ কাম কৰোতে আপুনি গাঢ় ৰঙা ৰঙৰ কাপোৰ পিন্ধিব ।

সিংহঃ আৰ্থিক চিন্তা থাকিব । প্ৰাপ্য ধন পোৱাৰ চেষ্টাও ব্যৰ্থ হ’ব পাৰে । ধৰ্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে । কৰ্মত অৱশ্যে খ্যাতি থাকিব । যাত্ৰাও মধ্যম । শুভ বৰ্ণ পাতল সেউজীয়া ।

কন্যাঃ সু-সংযোগ লাভৰ যোগ আৰ্থিকত মজলীয়া ফল পাব । দায়িত্ব পূৰ্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক । আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব । শুভ বৰ্ণ ক্ৰীম ৰঙ ।

তুলাঃ কৰ্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব । শাৰীৰিক দিশত ভালেই যাব । ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব । শুভ বৰ্ণ মেৰুণ ৰঙ । এই ৰঙৰ কাপোৰ পিন্ধি যাত্ৰা কৰিব । পূৰ্বদিশে যাত্ৰা কৰিলে সুফল পাব ।

বৃশ্চিকঃ দূৰ যাত্ৰাদিত বাধা পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক । বিদ্যা, কৰ্মস্থান, দাম্পত্যত পূৰ্বানুৰূপ । শুভ বৰ্ণ হালধীয়া । আজি হালধীয়া ফুলেৰে পূজা কৰি সোঁ হাতত সূতা বান্ধি ল’ব ।

ধনুঃ ক্ৰমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব । খৰচ বৃদ্ধি পাব । কিছুমান দুৰ্ভাৱনাই লগ ধৰিব পাৰে । সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব । আজি আপোনাৰ শুভ বৰ্ণ আকাশী নীলা ।

মকৰঃ বিদ্যাৰ্থীৰ বাবে আজি দিনটো ভালেই দেখা যায় । কৰ্তব্যত আগ্ৰহ বাঢ়িব । ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্বৰ একো সিদ্ধান্ত নোলোৱাই ভাল । আপোনাৰ শুভ বৰ্ণ বেঙুনীয়া । যাত্ৰাদি শুভ ।

কুম্ভঃ কোনো কৰ্মত আনন্দ পাব । হঠাৎ অৰ্থ লাভৰ আশা কৰিব পাৰে । মাতৃৰ শৰীৰ বেয়া নহ’ব । শুভ বৰ্ণ ক’লা । ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্ৰমণ কৰিলে সুফল পাব ।

মীনঃ পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে । আৰ্থিকত মজলীয়া ফল পাব । বিদ্যাত মধ্যম ব্যৱসায়ত উন্নতিৰ যোগ । শুভ বৰ্ণ সেউজীয়া । সেউজীয়া ৰং ব্যৱহাৰ কৰিব । যাত্ৰাদি শুভ ।

Exit mobile version