৭৩৬ জিলাত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় ড্ৰাই ৰান

সমগ্ৰ দেশৰ লগতে ৰাজ্যবোৰতো চলিছে ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান । ভাৰতৰ ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৭৩৬খন জিলাত প্ৰতিষেধক প্ৰদান কৰা হৈছে । এই কাৰ্যসূচীৰ পৰ্যৱেক্ষণ কৰিছে তামিলনাডুত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে ।

প্ৰতিষেধক প্ৰদান কৰাৰ পাছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ত তথ্য প্ৰেৰণৰ নিৰ্দেশ হৰ্ষ বৰ্ধনৰ । তেওঁ জনায় যে কিছুদিনৰ ভিতৰতেই সমগ্ৰ দেশতে উপলব্ধ হ’ব প্ৰতিষেধক ।

অক্সফ’ৰ্ড অষ্ট্ৰাজেনেকাৰ স’তে যৌথভাৱে নিৰ্মাণ কৰা কৰ’না প্ৰতিষেধক ক’ভিশ্বিল্ড আৰু ভাৰতীয় সংস্থা ভাৰত বায়’টেকৰ ক’ভেক্সিনক জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন দিয়ে কেন্দ্ৰই । তাৰ পূৰ্বে তিনি পৰ্যায়ত প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

দুই জানুৱাৰীত প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পাছত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ । উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু অৰুণাচল প্ৰদেশে প্ৰতিষেধক গ্ৰহণৰ পৰা বিৰত আছে ।

Exit mobile version