ছিংঘু সীমান্তত পুনৰ আত্মহত্যা কৃষকৰ

tractor 1

কৃষি আইন প্ৰত্যাহাৰৰ দাবীত চলিত আন্দোলনতে পুনৰ সংঘটিত হ’ল আত্মহত্যাৰ ঘটনা । ছিংঘু সীমান্তত আত্মহত্যা কৰিলে পঞ্জাৱৰ ফতেহগড় চাহিবৰ বাসিন্দা ৪০ বছৰীয়া অমৰেন্দ্ৰ সিং । দিল্লী-হাৰিয়ানা সীমান্তত ইয়াৰ পূৰ্বেও একাধিক আত্মহত্যাৰ ঘটনা ঘটিছে ।

বিষ খাই আত্মহত্যা কৰাৰ পূৰ্বে অমৰেন্দ্ৰ সিঙে তেওঁৰ বন্ধুসকলক জানিবলৈ দিয়ে যে, চৰকাৰে প্ৰতিবাদৰত কৃষকসকলৰ দাবী নুশুনাৰ বাবেই তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য । তেওঁ আত্মঘাতী হ’লে চৰকাৰ কোমল হৈ কৃষকসকলৰ কথা শুনিবও পাৰে বুলি তেওঁ আশা কৰে ।

বিষ খোৱাৰ পাছতে মৃতপ্ৰায় অমৰেন্দ্ৰ সিঙক চিকিৎসালয়ত নিয়া হয় । কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে । ইয়াৰ পাছত স্থানীয় চৰকাৰী চিকিৎসালয়ৰ মাৰ্গত প্ৰেৰণ কৰা হয় তেওঁৰ দেহ ।

চলিত মাহত ছিংঘু সীমান্তত কৃষক আত্মহত্যাৰ এইটো দ্বিতীয় ঘটনা । বিগত সপ্তাহত দিল্লী-গাজিয়াবাদ সীমান্তত ৭৫ বছৰীয়া এজন বৃদ্ধা কৃষকৰ মৃত দেহ উদ্ধাৰ কৰা হয় ।

Exit mobile version