পশ্চিম কাৰ্বি আংলঙৰ খেৰণি জনাঞ্চলত বনৰীয়া হাতীৰ বৃহৎ জাকৰ সন্ত্ৰাস

WhatsApp Image 2021 01 10 at 5.39.16 PM

কে’বাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে শস্য, কুঁহিয়াৰ খেতি ভাঙি গচকী বিনষ্ট

 

ADVERTISEMENT

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ বিভিন্ন প্ৰান্তৰ জনাঞ্চলত পিটপিটাই ফুৰিছে এতিয়া বৃহৎ এটা হাতীৰ জাকে । দিনৰ পোহৰতে কেতিয়াবা যদি মানুহৰ ঘৰৰ চোতালত কেতিয়াবা আকৌ ৰাজপথত বিচৰণ কৰিছে বনৰীয়া হাতীয়ে। খেৰণি চাৰি-আলিত নিশা কে’বাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বনৰীয়া হাতীয়ে শস্য, কুঁহিয়াৰ খেতি আদি গচকী ভাঙি বিনষ্ট কৰিছে ।

 

হাতীৰ বাবেই এতিয়া বিপদত পৰিছে বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজ আৰু কৃষকে । ধাৰাবাহিক গতিত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা গঞা ৰাইজৰ বাৰীৰ ফচল গচকী খায় তহিলং কৰি দিনৰ ভাগত আশ্ৰয় লয়হি কুঁহিয়াৰ খেতিৰ মাজত বনৰীয়া হাতীৰ জাকটোৱে।

ইতিমধ্যে কে’বাটাও পোৱালি হাতীও দেখা গৈছে হাতী জাকটোৰ মাজত। এক কথাত ক’বলৈ গ’লে খাদ্যৰ সন্ধানত আৰু খাদ্য সংকটত পৰি এতিয়া জনাঞ্চলতেই আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে বৃহত্তৰ খেৰণিত সন্ত্ৰাস সৃষ্টি কৰা বন্যহস্তীৰ জাকটোৱে ।

Exit mobile version