অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাৰ অন্তিম দিনা গ্ৰন্থমেলাৰ বাকৰিত সম্পন্ন হ’ল ‘অৰণ্যৰ ৰ’দ-বৰষুণ’ শীৰ্ষক এক কিতাপৰ আড্ডা। গল্পকাৰ-সাংবাদিক পংকজ কুমাৰ দত্তৰ শেহতীয়া প্ৰকৃতি বিষয়ক গ্ৰন্থ ‘অৰণ্যৰ ৰ’দ-বৰষুণ’ ‘হেজাৰ বছৰৰ অসমৰ প্ৰকৃতিৰ ইতিবৃত্ত’ক মূল উপজীৱ্য হিচাপে লৈ সম্পন্ন হোৱা এই কাৰ্যসূচীত অসমৰ প্ৰকৃতি সাহিত্য আৰু প্ৰকৃতি সাংবাদিকতাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰা হয়।
অসমৰ হেজাৰ বছৰৰ প্ৰকৃতিৰ ইতিহাসৰ নানা তথ্য সন্নিৱিষ্ট থকা এই গ্ৰন্থখনে অসমৰ প্ৰকৃতি সাহিত্য তথা বুৰঞ্জী চৰ্চাৰ নতুন দুৱাৰ মুকলি কৰা বুলি মন্তব্য কৰে অনুষ্ঠানত অংশ লোৱা বিভিন্নজনে।
এই কাৰ্যসূচীত অংশ ল’লে প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত, লেখক সুৰেশ ৰঞ্জন গদুকা, কবি-ঔপন্যাসিক পংকজগোবিন্দ মেধি, পৰিৱেশ কৰ্মী জিণ্টু কলিতা, অধ্যাপিকা মৰমী দত্ত তালুকদাৰ, সাংবাদিক বিকাশজ্যোতি বৰুৱা, নৱ ঠাকুৰীয়া, গ্ৰন্থখনৰ লেখক পংকজ কুমাৰ দত্ত, প্ৰকাশক অমৃত উপাধ্যায়কে ধৰি বিভিন্নজনে।






























