কেন্দ্ৰক কৃষি আইন স্থগিত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

08kmkb5o farmers protest delhi haryana singhu border pti december

আজি তিনি কৃষি আইনক লৈ শুনানি দিব লগা আছিল শীৰ্ষ ন্যায়ালয়ে । সেই শুনানিত উচ্চতম ন্যায়ালয়ে জনাই যে, পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কেন্দ্ৰীয় চৰকাৰে তিনি কৃষি আইন সম্প্ৰতি স্থগিত ৰখা উচিত । কেন্দ্ৰই স্থগিত নকৰে, সেই পদক্ষেপ ন্যায়ালয়ে গ্ৰহণ কৰিব ।

আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয়, ‘দীৰ্ঘদিনজুৰি দিল্লীৰ ৰাজপথত বয়সস্থ লোকসকল‌ বহি আছে, মহিলাসকল বহি আছে, এনে‌ পৰিস্থিতি দেখিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় ?’ এই সূত্ৰেই ন্যায়ালয়ে স্পষ্টভাৱে জনাই দিয়ে যে, অনাগত দিনত যদি কেন্দ্ৰীয় চৰকাৰে তিনি আইন প্ৰয়োগত স্থগিতাদেশ নিদিয়ে, ন্যায়ালয়ে আগবাঢ়ি আহিবই লাগিব । কাৰণ প্ৰত্যেকদিনাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে ।

মুখ্য বিচাৰপীঠ এছ এ ববডে কয়, ‘কোনো কাৰণতে যাতে আন্দোলনৰ ফলত পৰিস্থিতি হাতৰ বাহিৰত নাযায় । কাৰো মৃত্যু বা ক্ষত নিবিচাৰো আমি ।’

বিগত শুনানিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰিছিল, কিয় পৰিস্থিতিৰ উন্নতি হোৱা নাই ? প্ৰসংগত কেন্দ্ৰই কয়, কৃষকসকলৰ স’তে কেন্দ্ৰৰ স্বাস্থ্যকৰ আলোচনা অব্যাহত আছে ।

আজি এই আলোচনাৰ প্ৰসংগতে ন্যায়ালয়ে কয়, কেতিয়া পৰিস্থিতি স্বাভাৱিক হ’ব ? এই প্ৰসংগত একো উত্তৰ পোৱা নাই । মুখ্য বিচাৰপীঠে মন্তব্য কৰে, ‘আমি এতিয়ালৈকে বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই । পৰিস্থিতি ক্ৰমে বেয়াতকৈও বেয়া হ’বলৈ ধৰিছে । কিয় মহিলা, বয়সস্থ লোকসকলে আন্দোলনত অংশ লৈছে চৰকাৰে জানে নে ?’

চৰকাৰ পক্ষৰ অধিবক্তা এটৰ্ণি জেনেৰেল কে কে বেণুগোপালে কয়, ‘তিনি-চাৰিখন ৰাজ্যৰ কৃষকসকলে‌ প্ৰতিবাদ কৰিছে, ইয়াত বৃহত্তৰ কৃষক সমাজৰ অংশগ্ৰহণ নাই । দক্ষিণ ভাৰতৰ পৰা কোনো কৃষকে আন্দোলনত অংশগ্ৰহণ কৰা নাই ।

কেন্দ্ৰৰ কৃষকসকলৰ স’তে অষ্টম পৰ্যায়ৰ আলোচনাৰ পাছতো সমস্যাৰ সমাধান নোলাল । তিনি কৃষি আইন বাতিলৰ দাবীত বৰ্তমানেও অটল কৃষকসকল ।

আনহাতে, চৰকাৰে বৰ্তমানেও আইন বাতিল কৰাৰ কথা কোৱা নাই । কেন্দ্ৰৰ শাসক দলে প্ৰচাৰ চলাইছে কেনেকৈ কৃষি আইনৰ বাবে কৃষকসকলৰ উন্নতি সাধন হ’ব ।

Exit mobile version