শিলচৰত বিজয় সংকল্প সভাত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা । লগত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল , প্ৰদেশ বিজেপি সভাপতি ৰঞ্জিত দাস, নেডাৰ চেয়াৰমেন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ দীলিপ শইকিয়া । জেপি নাড্ডাক বিমানবন্দৰত আদৰণি জনাইছে মুখ্যমন্ত্ৰী, হিমন্তবিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে । শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত এই সমাৰোহত প্ৰায় ৫০ হেজাৰ বিজেপি কৰ্মী সমৰ্থকে অংশ গ্ৰহন কৰে ।
সভাত মন্ত্ৰী শৰ্মাই কয়, ‘২০২১ ত লুঙ্গি তকিৰ ৰাজনিতি শেষ হ’ব । প্ৰতি গৰাকী হিন্দু বঙ্গালীক নাগৰিকত্ব প্ৰদান কৰিব বিজেপি । এসপ্তাহৰ ভিতৰত দুই লাখ যুৱকৰ একাউন্টত ৫০ হেজাৰ টকা দিয়া হ’ব । বৰাকৰ ১৫ খন আসনত এইবাৰ পদমু ফুলিব ।’
মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, বৰাকত এটা কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । বৰাকৰ মানুহক প্ৰাপ্ত অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিলে কংগ্ৰেছে ।
বিজেপিৰ জয় যাত্ৰাৰ আৰম্ভণিৰ সন্দৰ্ভত সভাপতি নাড্ডাই কয়, ‘বৰাকৰ পৰা আৰম্ভণি হৈছিল বিজেপিৰ যাত্ৰা । ২০১৬ ৰ পাছত বিজেপিৰ কেবল জয় যাত্ৰা চলি আছে । অসম বাসীক মৰ্যাদা দিছে একমাত্ৰ এনডিএ চৰকাৰে । গোপীনাথ বৰদলৈ আৰু ভূপেন হাজাৰিকাক ভাৰত ৰত্ন সম্মান দিছে এন ডি এ। উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থী সমস্যাৰ সমাধান কৰিছে এনডিএ ।
তেওঁ লগতে কয় যে, সৰ্বা হিমন্ত জুটি অসমত ক’ভিড নিয়ন্ত্ৰণত বিশেষ সফলতা অৰ্জন কৰিছে । ইউপিএ প্ৰকাৰে অসমত পুঁজি আগবঢ়াইছিল ৫০ হেজাৰ কোটি টকা , এনডিএ প্ৰকাৰে দিছে তিনি লাখ কোটি টকা । আগন্তুক নিৰ্বাচনত বিজেপি ১০০+ অসন লৈ অসমত প্ৰকাৰ গঠন কৰিব এয়া নিশ্চিত ।