নতুন কৃষি আইনৰ বিষয়ত উচ্চতম ন্যায়ালয়ৰ ৰায়দান

বিগত ছেপ্টেম্বৰত প্ৰণয়কৰা তিনিখন কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠনৰ চলি থকা প্ৰতিবাদৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব।

মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বাধীন বেঞ্চে শুনানিৰ সময়ত সূচিত কৰে যে ন্যায়ালয়ে কৃষি আইন আৰু কৃষকৰ প্রতিবাদ সম্পৰ্কিত কিছু বিষয়ত ৰায়দান কৰিব পাৰে । ইয়াৰ পাছতে ৱেবছাইটত তথ্য আপলোড কৰে। বিচাৰক এ এছ ব’পান্না আৰু ৰামাছুব্ৰহ্মন্যমৰ দ্বাৰা গঠিত বেঞ্চে কয়, ‘১২.০১.২০২১ৰ তালিকাৰ আদেশৰ বাবে বিষয়সমূহ তালিকাভুক্ত কৰক ।’

সোমবাৰে উচ্চতম ন্যায়ালয়ে তিনিখন নতুন কৃষি আইন বাতিলৰ দাবী কৰি কয় যে, এইটো আলোচনাৰ জৰিয়তে মীমাংসা কৰা “অত্যন্ত কঠিন” । ন্যায়ালয়ে আইন প্ৰয়োগৰ ক্ষেত্ৰত স্থগিত ৰখাৰো ইচ্ছা প্ৰকাশ কৰিছে । ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে চৰকাৰে দিল্লীৰ ওচৰত বিশাল প্ৰতিবাদৰ কাৰক নতুন কৃষি আইনক স্থগিত কৰিব নে নাই আৰু আলোচনাৰ বাবে এটা কমিটি গঠনৰো প্ৰস্তাৱ দিছিল ।

ইতিমধ্যে, নৱেম্বৰৰ পৰা দিল্লীৰ আশে-পাশে শিবিৰ পাতি থকা সহস্ৰাধিক কৃষকে ডিচেম্বৰত স্পষ্টকৈ কৈ দিয়ে যে, এতিয়া ‘কমিটি গঠন কৰা সময় নহয়’ ।

৪০ টা কৃষক ইউনিয়নৰ দ্বাৰা গঠিত সন্মিলিত কিষান‌ মৰ্চাই সোমবাৰে নিশা এখন নোট প্ৰকাশ কৰে যে, সকলো সংস্থাই কৃষি আইন প্ৰয়োগৰ বিষয়ত স্থগিত ৰখাৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শসমূহক আদৰি ল’লেও তেওঁলোক সন্মিলিতভাৱে আৰু স্বতন্ত্ৰভাৱে কোনো কমিটিৰ স’তে কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ সন্মত নহয় ।

Exit mobile version