বোকাজানৰ ডিলাইত যাত্ৰীবাহী বাছৰ পৰা বৃহৎ পৰিমাণাৰ হেৰইনসহ আটক সৰৱৰাহকাৰী

WhatsApp Image 2021 01 12 at 3.23.43 PM

বিগত বৰ্ষটোত ড্ৰাগছ্ বিৰোধী অভিযানত বিশেষ সফলতা লাভ কৰা কাৰ্বি আংলং আৰক্ষীয়ে ২০২১ৰ আৰম্ভণিতে পুনৰ সক্ৰিয় হৈ পৰিছে ড্ৰাগছ্ সৰৱৰাহকাৰীৰ বিৰুদ্ধে ৷

ADVERTISEMENT

আজি নগালেণ্ডৰ ডিমাপুৰৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মৰিগাঁৱলৈ আহি থকা এখন যাত্ৰীবাহী বাছৰ পৰা বোকাজানৰ ডিলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে এটা সৰৱৰাহকাৰীক আটক কৰে ৷ আটকাধীন সৰৱৰাহকাৰীটো হ’ল ডিমাপুৰ পাঁচ মাইলৰ আঁচৰ আলি ৷

উক্ত বাছখনত যাত্ৰী হিচাবে অহা সৰৱৰাহকাৰীটোৱে ৩৬ টা চাবোনৰ বাকছত কঢ়িয়াই আনিছিল ৩৭১ গ্ৰাম নিষিদ্ধ হেৰইনখিনি ৷ কিন্তু ডিলাই তিনিআলিত আৰক্ষীৰ নিয়মীয়া তালাচীত জালত পৰে হেৰইনসহ সৰৱৰাহকাৰীটো ৷ উক্ত ড্ৰাগছ্খিনি ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ নি আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

ধৃত সৰৱৰাহকাৰী আঁচৰ আলিক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ৷

Exit mobile version