তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ খালী হৈ থকা ডেকাসত্ৰীয়া পদৰ বাবে অহা ১৮ জানুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হব ৷ বৰপেটা জিলা প্ৰশাসনৰ ৰূপান্তৰ আৰু উন্নয়ন শাখাই পৰিচালনা কৰিব লগীয়া সত্ৰৰ নিৰ্বাচনৰ সময় সূচী অনুসাৰে অহা ১৪ ফেব্ৰুৱাৰীত ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন অনুষ্ঠিত হব ৷ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ হব ১৯ জানুৱাৰীত ৷ ২০ ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত ওজৰ- আপত্তি গ্ৰহণ কৰাৰ পিছত ২৭ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ৷ ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ কৰিব পাৰিব ৷ ২ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ পৰীক্ষা , ৪ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ আৰু ৫ ফেব্ৰুৱাৰীত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হব ৷ ১৪ ফেব্ৰুৱাৰী দেওৰাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোট গ্ৰহণ কৰা হব ৷ আনহাতে সিদিনা সন্ধিয়া ৬ বজাৰ পৰা ভোট গণনা কৰি ফলাফল ঘোষণা কৰা হব ৷ উল্লেখ্য যে বিগত বৰ্ষৰ ২৪ আগষ্টৰ নিশা ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ অকালতে পৰলোক হোৱাৰ পিছৰে পৰা ডেকাসত্ৰীয়াৰ আসনখন খালী হৈ আছে ৷ নৱজিৎ দাস আছিল পঞ্চদশ ডেকাসত্ৰীয়া ৷ ডেকাসত্ৰীয়া পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হবলগীয়া চাৰিগৰাকী ব্যক্তিৰ নাম চৰ্চা হৈ আছে ৷
বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচনী অধিসূচনা জাৰি
-
By publisher

- Categories: Assam, Spirituality
- Tags: AssamBARPETA SATRA
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ
By
publisher
February 22, 2025
Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়
By
publisher
February 22, 2025
USTM Chancellor Mohbubul Haque arrested:ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ
By
publisher
February 22, 2025