মাঘৰ পহিলা দিনটোত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন তীর্থত পৰিণত হল ৰংপুৰৰ ৰংঘৰৰ বাকৰি 

a
মাঘৰ পহিলা দিনটো ৰংপুৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি উদুলি মুদুলি হৈ পৰিল ।।বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতেৰে মুখৰিত হল ৰংপুৰৰ বৰচোতাল ।তাই আহোম যুৱ পৰিষদৰ উদ্যোগত উদযাপন কৰা ৰংপুৰৰ মেলাত তিৱা, মিছিং,কাৰ্বি,নগা, তাই আহোম,বিহু নৃত্য গীতে মুখৰিত হল ৰংঘৰৰ বাকৰি ।সমান্তৰালকৈ বিভিন্ন থলুৱা খেল ধেমালি যেনে টেকেলী ভঙা,কড়ি খেল,ঘিলা খেল,পিছল খুটাত বাগোৱা খেল আদিও অনুষ্ঠিত হয় ।
উল্লেখযোগ্য যে আহোম ৰাজত্বকালত ৰংঘৰৰ বাকৰিত মাঘৰ পহিলা দিনটোত হাতী যুজঁ, মহ যুজঁকে ধৰি  বিভিন্ন খেল ধেমালি অনুষ্ঠিত হৈছিল ।আহোম স্বৰ্গদেউ সকলে আয়োজন কৰা এই পৰম্পৰা পুনৰ আৰম্ভ কৰাৰ লগতে নতুন প্ৰজন্মক ইতিহাসৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যে ৰংপুৰ মেলা উদযাপন সমিতি আৰু তাই আহোম যুৱ পৰিষদৰ উদ্যোগত যোৱা এঘাৰ বছৰে পহিলা মাঘৰ দিনটোত ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে ।প্ৰাথমিক অৱস্থাত জনগোষ্টীয় নৃত্য গীতৰ উপৰিও মাহ যুজঁ আদি আয়োজন কৰা হৈছিল যদিও পৰবৰ্তী সময়ত মহ যুজঁ বন্ধ কৰা হয় ন্যায়ালয়ৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি ।
এই ৰংপুৰ মেলাত ‘চে মুন’ নামৰ এখনি স্মৃতি গ্ৰন্থও উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক ,লেখক ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ।। উদযাপন সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে সভাপতিত্ব কৰা মুকলি সভাত গড়গাঁও কলেজৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত ,সাংবাদিক এনামুদ্দিন আহমেদ আদি কেবাগৰাকী বিশিষ্ট ব্যক্তি তথা জাতীয়-জনগোষ্ঠীয়  সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে ।
শিৱসাগৰৰ ৰূদ্ৰসাগৰ ৰূপহী বিল , দিচাংমুখৰ জেইল গাঁৱ আৰু বানমুখত অনুষ্ঠিত হয় পৰম্পৰাগত ম’হ যুঁজ।
ন্যায়ালয়ৰ নিষেধাজ্ঞা পাছতো পহিলা মাঘৰ দিনাই গোনা‌ ম’হক যুঁজালে শিৱসাগৰ একাংশ গঞাই।এফালে নিষেধাজ্ঞা আনফালে পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত দৃঢ় গঞা ৰাইজে ম’হৰ বংশবৃদ্ধি আৰু স্বাস্থ্য জনিত কাৰণত ম’হক যুজোৱাৰ  বাবে বাধ্য হয় বুলি উল্লেখ কৰে।
Exit mobile version