অহা ২৩ জানুৱাৰীত শিৱসাগৰলৈ আহিব ভাৰতৰ প্ৰধাণ মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই শিৱসাগৰত সংবাদ মাধ্যমৰ আগত কয় যে,জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা অসম চৰকাৰে বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰ ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰিছে। এতিয়া দ্বিতীয় পৰ্য্যায়ত আন এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰ ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে অসম চৰকাৰৰ এই ভূমিহীন সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ অভিলাষী আঁচনিৰ উদ্বোধন কৰিব।
উল্লেখযোগ্য যে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন সহ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কালি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ পৰিদৰ্শন কৰে৷ ২৩ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী মোদী এক বিশাল জনসভাত অংশ লব ।
শিৱসাগৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
