হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত

WhatsApp Image 2021 01 15 at 6.32.00 PM 1

পশ্চিম কাৰ্বি আংলঙ জিলাৰ বৃহত্তৰ খেৰণি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বিগত কে’বা মাহ ধৰি প্ৰতি নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজে আতংকময় পৰিৱেশৰ মাজত পাৰ কৰিবলগীয়া হৈছে । তেনে সময়তে নিশা খেৰণিৰ ৰানাইমা গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় অশোক ৰাজভৰ (৩২) নামৰ লোক এজনৰ ।

নিশা শুই থকা অৱস্থাত বনৰীয়া হাতীয়ে ঘৰ ভাঙি আক্ৰমণ কৰে অশোক ৰাজভৰক। হাতী আক্ৰমণত অশোক ৰাজভৰৰ মৃত্যু হোৱাৰ লগতে বাসগৃহ আৰু বয়বস্তুৰ ব্যাপক ক্ষতি সাধন কৰে বনৰীয়া হাতীয়ে।

আনকি অঞ্চলটোত বহু শস্য কুঁহিয়াৰ আদিও বিনষ্ট কৰি কৃষক ৰাইজক হাৰাশাস্তি কৰি আহিছে বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে ।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলতটোত আতংকৰ লগতে সৃষ্টি হৈছে চাঞ্চল্যৰ। পৰিত্ৰাণৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ খেৰণি বন বিভাগ।

Exit mobile version