চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশন

WhatsApp Image 2021 01 16 at 3.45.04 PM 1

চিৰাঙৰ জিলা সদৰ কাজলগাঁৱৰ আৰাইখুংগ্ৰী পাৰ্কত অনুষ্ঠিত হৈছে চিৰাং জিলা বিপিএফৰ পঞ্চম বাৰ্ষিক অধিৱেশন ।

আজি ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশন । বিপিএফ ৰ মূল কমিটী, মহিলা শাখা আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে জিলা সমিতি আৰু ব্লক কমিটী সমুহে।

শ্বহিদ বেদীত মাল‍্যাৰ্পন কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য খাম্পা বৰগয়াৰীয়ে। তাৰ পিচতে অনুষ্টিত হয় প্ৰতিনিধি সভা। এই অধিৱেশনৰ প্ৰতিনিধি সভাত বিশেষকৈ আগন্তক বিধান সভা নিৰ্ব্বাচনৰ ৰণনীতি প্ৰস্থুত কৰিব।

জিলা সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই উদ্ধোধনি ভাষণ দিয়ে।

অধিৱেশনত অংশগ্ৰহণ কৰি ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ এমচিএল এ ছাইকং বসুমতাৰী( বি ছাউৰাইগ্ৰা)ই কয় যে বি আৰ ফেৰেঙ্গাৰ ইপিপিএল দলে বিটিআৰ চুক্তিৰ ৭.২ দফা ৰূপায়ণ কৰাৰ প্ৰথম পদক্ষেপ হিচাপে কোকৰাঝাৰ জিলাৰ সৰলপাৰাত উচ্ছেদ চলাব গৈছিল।

দুৰ্ভাগ্যজনকভাৱে বিপিএফৰ ষড়যন্ত্ৰত তাত অপ্ৰিতিকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাটো দৃষ্টীগোচৰ হৈছে য’ত ছাউৰাইগ্ৰাৰ নাম সাঙুৰিছে। গতিকে তাত মই কোন বুলি কয় ছাউৰাইগ্ৰাই।

অধিৱেশনত বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য খাম্পা বৰগয়াৰীয়ে কয় যে বিধান সভা নিৰ্ব্বাচনত বিজেপি মুক্ত অসম গঢ়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰা হ’ব। বিজেপিয়ে মাথো বড়োক নহয় অসমৰ অন‍্যান‍্য সকলো জাতী জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব ।

গতিকে বিজেপি বিৰোধী শক্তিশালী স্থিতি লৈ আমি বিধান সভা নিৰ্ব্বাচনত নামিম আৰু বিটিচিৰ ১২ টা বিধান সভা সমষ্টি বিপিএফৰ দখলত লোৱাৰ চেষ্টা চলাম বুলিও কয় খাম্পা বৰগয়াৰীয়ে।

কোকৰাঝাৰৰ সৰপাৰাত ফেৰেঙ্গাৰ নেতৃত্বত অবৈধভাৱে এই সকল লোকক বহাইছিল তেতিয়া আমি বাধা দিছিলো কিন্তু বিৰোধিতা কৰিছিল। কিন্তু এতিয়া চৰকাৰত বহাৰ পিচত তেওঁলোকে বনাঞ্চল ৰক্ষা কৰাটো কৰ্তব‍্য বুলি ভাৱিছে বুলিও কয়।

চিৰাং জিলাৰ পৰা বিপিএফ দলে সাতটা পৰিষদীয় সমষ্টিৰ পৰা পাঁচখন আসন দখল কৰি বিটিচিৰ ভিতৰতে শক্তিশালী ৰূপত আছে। গতিকে বিপিএফ দলৰ চিৰাং জিলা সমিতিৰ এই অধিৱেশনে জিলাখনত আগন্তক বিধান সভা নিৰ্ব্বাচনৰ বাবে শক্তিশালী ৰণনীতি প্ৰস্তুত কৰাটো নিশ্চিত হৈ পৰিছে।

Exit mobile version