ডেটা-ছেয়াৰিং পৰিৱৰ্তন স্থগিত কৰিলে হোৱাটছএপে

whatsapp

হোৱাটছএপৰ গোপনীয়তা সম্পৰ্কে উদ্বিগ্ন ব্যৱহাৰকাৰীসকলে ফেচবুকৰ মালিকানাধীন মেচেজিং পৰিসেৱা এৰি প্ৰতিদ্বন্দ্বী এপ টেলিগ্ৰাম আৰু ছিগনেল ব্যৱহাৰ কৰিবলৈ লোৱাৰ বাবে শুক্ৰবাৰে হোৱাটছএপে ডেটা-ছেয়াৰিং পৰিৱৰ্তন স্থগিত কৰে ।

বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা স্মাৰ্টফোন এপ্লিকেচনৰ ফেচবুকৰ স’তে ডেটা ছেয়াৰ কৰাৰ বিষয়ত ইয়াৰ শৰ্তাদিৰ আপডেট গ্ৰহণৰ অন্তিম তাৰিখ আঠ ফেব্ৰুৱাৰী বাতিল কৰি জনায় যে গোপনীয়তা আৰু সুৰক্ষা সম্পৰ্কে ভুল তথ্য নোহোৱা কৰিবৰ বাবে বিৰতি গ্ৰহণ কৰিছে ।

হোৱাটছএপে এটা ব্লগ প’ষ্টত লিখে, ‘আমাৰ সাম্প্ৰতিক আপডেটক লৈ বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । এই আপডেটে আমাৰ ফেচবুকৰ স’তে ডেটা ছেয়াৰ কৰাৰ ক্ষমতা বৃদ্ধি নকৰে । পৰৱৰ্তী ১৫ মে’ত নতুন ব্যৱসায়ৰ বিকল্পবোৰ উপলব্ধ হোৱাৰ পূৰ্বে এপ ব্যৱহাৰকাৰীসকলে পৰ্যায়ক্ৰমে নিজে নীতি পৰ্যালোচনা কৰিব লাগিব ।’

আপডেটটো অনুসৰি গ্ৰাহকসকলে কিদৰে চাট কৰিবলৈ হোৱাটছএপ ব্যৱহাৰ কৰে সেই অনুযায়ী ফেচবুকৰ স’তে ডেটা ছেয়াৰ কৰি ছ’চিয়েল নেটৱৰ্ক অনুসৰি লক্ষ্যযুক্ত বিজ্ঞাপনৰ তথ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।

হোৱাটছএপে পূৰ্বৰ ব্লগ প’ষ্টত লিখে, ‘আমি বা ফেচবুকে আপোনালোকৰ ব্যক্তিগত মেচেজ আৰু ফোন শুনিব নোৱাৰো । সকলোৰে মেচেজ আৰু ফোনৰ ‘লগ’ আমি নাৰাখো । আমি আপোনালোকে ছেয়াৰ কৰা অৱস্থানো চাব নোৱাৰো ।’

মেচেজৰ বিষয়বস্তুৰ স’তে অৱস্থানৰ ডেটা ‘এণ্ড-টু-এণ্ড’ এনক্ৰিপ্ত কৰা থাকে ।

হোৱাটছএপে প’ষ্টত লগতে কয়, ‘ব্যৱসায়ীবোৰক তেওঁলোকৰ গ্ৰাহকসকলৰ স’তে হোৱাটছএপ চাট পৰিচালনা কৰি গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ তথা ক্ৰয়ৰ ৰচিদৰ তথ্য প্ৰেৰণৰ বাবে ফেচবুকৰ পৰা সুৰক্ষিত হ’ষ্টিং পৰিসেৱাবোৰ ব্যৱহাৰ কৰাৰ বিকল্প দিছো ।’

প্ৰযুক্তি বিশেষজ্ঞসকলে কয় যে, হোৱাটছএপৰ নতুন ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তাই আইনীভাৱে এনে এক নীতিক বাধ্যতামূলক কৰিছে যিটো ২০১৬ ৰ পৰাই বহুলভাৱে ব্যৱহৃত হৈ আহিছে ।

ফেচবুকে ব্যৱসায় প্লেটফৰ্মৰ মাধ্যমেৰে হোৱাটছএপক আৰ্থিক সহযোগীতা আগবঢ়াব বিচাৰিছে । ইণ্টাৰনেট জায়েণ্টৰ বাবে ছাৰ্ভাৰবোৰত কিছুসংখ্যক ডেটা কেন্দ্ৰীভূত কৰা স্বাভাৱিক ।

Exit mobile version