দিনটোৰ ৰাশিফল

1604999703blobid0 1

মেষ : কোন কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোন সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যােৱা টান হ’ব। পাৰিবাৰিক সমস্যা থাকিব।

বৃষ : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবামতে সকলাে দিশেই ভাল ফল নাপাব। ভ্রমণাদিত অন্যমনস্ক নহ’ব।

মিথুন : আজি কিছু ফৰকাল। বিদ্যার্থীৰ বাবেও বেয়া নহ’ব। তথাপি আপােন কোন মানুহৰ স’তে মানসিক দণ্ডৰ সৃষ্টি হলেও ক্ষতিকাৰক নহ’ব। তথাপি আপােন কোন মানুহৰ স’তে মানসিক দণ্ডৰ সৃষ্টি হলেও ক্ষতিকাৰক নহ’ব প্রেম-প্রণয়ত শুভ।

কর্কট :কামতউৎসাহ পাব। ঘৰুৱা দিশতাে সহানুভূতি থাকিব। দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব।

সিংহ : অলপ সতর্ক হৈ চলক। নতুন কাম-কাজৰ আৰম্ভণিত আহুকাল থাকিব। বন্ধু-বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব। শৰীৰৰ দুর্বলতা থাকিব। বিদ্যাত মধ্যম।

কন্যা : সাৱধানেৰে কামত আগুৱাওক। শৰীৰৰ প্ৰতি একেবাৰে অবজ্ঞা নকৰিব। দাম্পত্যত নিজৰ আৱেগ অনুভূতিক কক্ষ কৰি নুতুলিব। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰে দৰকাৰ হ’ব।

তুলা : সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা পাৰিব।পৰিৱতীয় মনােভাৱে ভ্ৰমণৰ উদ্যোগী হ’ব পাৰে।

বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কোন সংযােগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব। ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনােবল বঢ়াওঁক।

ধনু : ব্যৱসায়ৰ ক্ষেত্ৰত নজৰ ৰাখিব। কিন্তু দাম্পত্যত শাৰীৰিক দুশ্চিন্তা কর্মক্ষেত্ৰত বাধা আহিব পাৰে। বিদ্যাত শুভ। প্রেম-প্রণয়ত আনন্দ।

মকৰ : আর্থিক দিশত খৰচৰ মাত্রা অত্যাধিক হ’ব যদিও ব্যৱসায়-বাণিজ্যত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে। প্রেম-প্রণয়ত শুভ।

কুম্ভ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। বিদ্যাত সফলতা পাব প্রেম-প্রণয়ত আৱেগ বৃদ্ধি পাব।

মীন : শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। নানা শুভ সংবাদ আৰু আনন্দৰ মাজেৰেই দিনটো পাৰ হ’ব। চাকৰিয়ালৰ কর্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে।

Exit mobile version