বাগসা ছামথায়বাৰীত সেনাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

WhatsApp Image 2021 01 16 at 3.45.34 PM 1

ভাৰতীয় সেনা দিৱসৰ দিনাই বাগসা ছামথায়বাৰীত ভাৰতীয় সেনাই অনন্য নিদৰ্শন প্ৰদৰ্শন কৰে ৷ আজিৰ দিনটোত ছামথায়বাৰী অঞ্চলত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় সেনাৰ লোকে ৷

ভাৰতীয় সেনাৰ উদ্যোগত বাগসাৰ ছামথায়বাৰীস্থিত উত্তৰ খাৰিজা বিজনী হাইস্কুল খেলপথাৰত স্বাস্থ্য পৰীক্ষা শিবিৰ পাতি কে’বাটাও বিভাগৰ চিকিৎসকৰ সহায়ত অঞ্চলবাসীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয় ৷

লগতে প্ৰয়োজনীয় ঔষধপাতিও বিনামূলীয়াকৈ প্ৰদান কৰে সেনা জোৱানসকলে ৷ পুৱাৰ পৰাই বহুসংখ্যক ৰোগীয়ে স্বাস্থ্য শিবিৰত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰোৱা পৰিলক্ষিত হয় ৷

দেশমাতৃক সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা ভাৰতীয় সেনাৰ এই কাৰ্যক প্ৰশংসা কৰে অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীত ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াও উপস্থিত থাকে ৷

Exit mobile version