শীঘ্ৰেই জনা যাব ৰামায়ণৰ বয়স !

setu660

বহু বাদ-বিবাদ, চৰ্চাৰ অন্ত পেলাই নিৰ্মাণৰ বাবে সাজু হৈছে অযোধ্যাৰ ৰাম মন্দিৰ । এই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দক্ষিণা সংগ্ৰহৰ কাম আৰম্ভ হোৱাৰ সময়তে চৰ্চালৈ আহিছে ৰাম সেতুৰ প্ৰসংগ । ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ শ্ৰীলংকালৈ যোৱাৰ বাবে সাগৰৰ ওপৰত বানৰ সেনাই সেতু নিৰ্মাণ কৰাৰ এক বৰ্ণনা ৰামায়ণত আছে ।

কিন্তু এই ৰাম সেতু কেতিয়া নিৰ্মাণ হৈছিল ? ইয়াৰ কোনো ঐতিহাসিক গুৰুত্ব আছে নেকি ? নে সম্পূৰ্ণৰূপে মহাকাব্যখনৰহে কাহিনী ? এই বিষয়সমূহকে লৈ এইবাৰ আৰম্ভ হ’ব গৱেষণা । ৰাম সেতুৰ বয়স নিৰ্ধাৰণ কৰাৰ বাবে চলিব ব্যাপক পৰীক্ষা-নিৰীক্ষা । এই গৱেষণাতে দেখা যাব সম্প্ৰতি পানীৰ তলত থকা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এই সেতুৰ আকাৰৰ ভূখণ্ড কিদৰে সৃষ্টি হ’ল ।

এই গৱেষণাই ৰামায়ণৰ ঐতিহাসিক গুৰুত্ব সম্পৰ্কে প্ৰৱল যুক্তি দাঙি ধৰিব পাৰে বুলিয়ে ধাৰণা কৰা হৈছে । আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ অধীনস্থ কেন্দ্ৰীয় নৃতাত্ত্বিক গৱেষণা পৰিষদে এই প্ৰকল্পৰ প্ৰতি সঁহাৰি জনাইছে । এই গৱেষণা কৰাৰ আবেদন জনাইছিল গোৱাৰ কেন্দ্ৰীয় সমুদ্ৰ বিজ্ঞান কেন্দ্ৰই ।

সংস্থাটোৱে জনোৱা মতে, বহুতো বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰি এই ৰাম সেতুৰ বিষয়ত গৱেষণা হ’ব । সাধাৰণ ৰেডিঅ’মেট্ৰিক পদ্ধতিৰে এই প্ৰাকৃতিক ভূখণ্ডৰ প্ৰকৃত বয়স জনাৰ চেষ্টা কৰা হ’ব । বিজ্ঞানীসকলে ধাৰণা কৰে যে প্ৰৱাল আৰু এক বিশেষ প্ৰকাৰৰ শিলেৰে এই সেতু হৈছিল । যদি পানীৰ তলত থকা এই প্ৰাকৃতিক ভূখণ্ডৰ বয়স জনাটো সম্ভৱ হয়, তেনেহ’লে ৰামায়ণৰ বয়সো বুজা সম্ভৱ হ’ব ।

সচৰাচৰ ৰেডিঅ’মেট্ৰিক পদ্ধতিৰে ৰেডিঅ’এক্টিভ বিকিৰণৰ মাধ্যমেৰে কোনো বস্তুৰ বয়স নিৰ্ধাৰণ কৰা হয় । ইয়াৰ উপৰি টিএল ডেটিঙৰ সাহায্যত পোহৰৰ প্ৰতিফলনৰ মাধ্যমেৰে একেই কাম কৰিব পাৰি ।

উল্লেখ্য যে তামিলনাডুত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে এই গৱেষণাৰ বৈজ্ঞানিক গুৰুত্বৰ সমান্তৰালকৈ আছে ৰাজনৈতিক গুৰুত্বও । ইয়াৰ পূৰ্বেও এই সেতুখন মানুহৰ দ্বাৰা নিৰ্মিত বুলি দাবী কৰা হৈছিল । অৱশ্যে ২০০৭ত আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে মানুহৰ দ্বাৰা সৃষ্টিৰ ধাৰণাটো কোনোপধ্যেই সঠিক নহয় ।

এই গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান কেন্দ্ৰ দুখন বিশাল আকাৰৰ জাহাজ ব্যৱহাৰ কৰিব । সাগৰৰ ৩৫-৪০ ফুট তলত থকা এই শিলাময় ভূমিৰ পলি সংগ্ৰহ কৰা হ’ব । এটা  বিশেষ দলে এই সমগৰ প্ৰকল্পটো পৰ্যৱেক্ষণ কৰিব । ৰাম সেতুৰ চাৰিওফালে ক’ৰবাত কোনো বসতি আছিল নেকি, সেয়াও গৱেষণাত চোৱা হ’ব ।

আৰ্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ এজন বিষয়াই জনোৱা মতে, ১৯৬৪ৰ এক ধুমুহাত এখন গাঁও সম্পূৰ্ণৰূপে সাগৰৰ তললৈ গুচি যায় । সন্দেহ কৰা হৈছে যে গাঁওখন ৰাম সেতুৰ কাষতে আছিল ।

Exit mobile version