ক্রেডিট কার্ডৰ বাবে আবেদন কৰিম বুলি গুণা-গঁথা কৰি আছে নেকি আপুনি ? আজিৰ আধুনিক সমাজত ধনৰ লেনদেন প্রক্রিয়াত ক্রেডিট কার্ডখনৰ গুৰুত্ব কিমান বেছি সেয়া আমি সকলােৱে উপলব্ধি কৰিব পাৰাে। বর্তমান দৈনন্দিন জীৱনৰ এক গুৰুত্বপূর্ণ অংগ হৈ পৰিছে ক্রেডিট কার্ড। হাতত এই কার্ড থাকিলে বজাৰ-সমাৰ কৰাত সুবিধাই সুবিধা। হাতত টকা নাথাকিলেও নানা ধৰণৰ দামী সামগ্রী ক্রয় কৰিব পাৰে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা। লগতে থাকে নানা ৰিৱার্ড পইণ্ট, কেশ্ববেক অফাৰ আদিও। কিন্তু সুবিধাৰ সমান্তৰালভাৱে ক্রেডিট কার্ড ব্যৱহাৰত আছে একাধিক অসুবিধা আৰু সমস্যাও। গতিকে এনে ক্ষেত্ৰত যিসকলে প্ৰথমবাৰ ক্রেডিট কার্ডৰ বাবে আবেদন জনােৱাৰ পৰিকল্পনা কৰি আছে তেওঁলােকে আগতীয়াকৈ ইয়াক ব্যৱহাৰৰ নিয়ম তথা সাৱধানতা সম্বন্ধে জ্ঞাত হলে ভাল। এই বিষয়ে কিছু কথা জানো আহকচোন।
* ক্রেডিট কার্ডৰ বাবে আবেদনৰ সময়ত প্রথমেই যিটো কথাত গুৰুত্ব দিব লাগিব সেইটো হৈছে বয়স। ১৮ বছৰৰ তলৰ ব্যক্তিক এই কার্ড ব্যৱহাৰৰ অনুমতি দিয়া নহয় আমাৰ দেশত। আনহাতে, প্রাপ্তবয়স্ক উপভােক্তাৰ মাজৰাে সেইসকলৰ বাবেহে এই কার্ড উপলব্ধ যাৰ ন্যূনতম বেতন একৰ পৰা তিনি লাখ টকা। অৱশ্যে কর্মক্ষেত্ৰৰ ভিন্নতা লৈ ন্যূনতম বেতনাে ভিন্ন। সেয়েহে জীৱনৰ প্ৰথমখন ক্রেডিট কার্ড বাবে আবেদন কৰাৰ পূর্বে আপােনাৰ প্ৰথম কৰণীয় হ’ব চৰ্তাৱলীসমূহ ভালকৈ জানি-বুজি লােৱাটো।
* বজাৰত বিভিন্ন ধৰণৰ ক্রেডিট কার্ড উপলব্ধ। এনে ক্ষেত্ৰত নিজৰ নিজৰ ক্ষমতা অনুযায়ী সঠিক ক্রেডিট কার্ড বাছনি কৰাটো খুব জৰুৰী। ক্রেডিট কার্ড বাছনি কৰাৰ সময়ত নিজৰ চাহিদা,প্রয়ােজন, আয়-ব্যয়, মাহিলি আয়ৰ দিশসমূহাে সমানেই গুৰুত্বপূর্ণ। যিসমূহ ক্রেডিট কার্ডৰ বার্ষিক মাচুল কম, নতুন উপভােক্তাসকলে প্রথমাৱস্থাত সেই ধৰণৰ কার্ডহে বাছনি কৰা উচিত। পাছত কার্ড ব্যৱহাৰৰ অভিজ্ঞতা আৰু বেতন বঢ়াৰ সমান্তৰালভাৱে আন আন ধৰণৰ ক্রেডিট কাৰ্ডৰ বিকল্প বাছনি কৰিব পাৰিব।
*বার্ষিক শতকৰা হাৰ (এনুৱেল পার্চেন্টেজ ৰেট) বা চমুকৈ এপিআৰ জানি লােৱাটো সমানেই দৰকাৰী। লগতে অন্যান্য বিভিন্ন মাচুল যেনে যােগদানৰ মাচুল, বার্ষিক মাচুল, ৰিৱার্ড পইণ্ট সম্পর্কীয় একাধিক তথ্যৰাে জ্ঞান আহৰণ কৰিব পাৰিলে ভাল। এইসমূহ তথ্য সম্পর্কে যথাযথ ধাৰণা থাকিলে ক্রেডিট কার্ড ব্যৱহাৰত বিশেষ একো সমস্যা নাপায় গ্রাহকে।
* ক্রেডিট কার্ডখন হাতত পৰাৰ পাছত আটাইতকৈ মন দিব লাগে ক্রেডিট স্কোৰৰ ওপৰত। ক্রেডিট স্কোৰ কমিলে পাছলৈ যিহেতুকে ঋণ আদি পােৱাত সমস্যাৰ সৃষ্টি হােৱাৰ আশংকা থাকে, সেয়েহে সময়মতে ক্রেডিট কার্ডৰ বিল আদায় দি নম্বৰ বঢ়াৱাৰ যত্ন কৰা উচিত। কোনাে কাৰণত ক্রেডিট কার্ডৰ দিবলগীয়া ধন পৰিশােধ কৰাত পলম হলে গ্রাহকে সাধাৰণতে তাৰ বাবে এক নির্দিষ্ট সময়ৰ বাবে গ্রেচ পিৰিয়ড পায়। এই সময়ে যদি পাৰ হৈ যায় তেন্তে অধিক সুতৰ হাৰত মাচুল ভৰিবলগীয়া হয় গ্রাহকে। বাৰে বাৰে এই প্রক্রিয়াৰ পুনৰাবৃত্তি হৈ থাকিলে প্ৰভাৱিত হয় গ্রাহকৰ ৰেটিং যাৰ ফলত ক্রেডিট স্কোৰৰ পইন্টো হ্রাস পায়।