আজিকালি বিভিন্ন ক্ষেত্ৰত পাছৱৰ্ডৰ প্রয়ােজন হয়। সেইদৰে শীতকালত সুস্থ হৈ থকাৰ ক্ষেত্ৰতাে আপােনাক পাছৱৰ্ড লাগিব। অৱশ্যে সেই পাছৱৰ্ড আপােনাৰ হাতৰ মুঠিতে আছে কেৱল কিছুমান বিশেষ নিয়ম মানি চলিলেই হ’ল। তাৰ দ্বাৰাই আপুনি এই শীতত ৰােগমুক্ত হৈ থাকিব পাৰিব।
প্ৰচুৰ পৰিমাণে পানী পান কৰিব।বিশেষজ্ঞৰ মতে, শৰীৰত ৰােগ প্ৰতিৰােধ শক্তি বৃদ্ধিৰ ক্ষমতা আছে পানীৰ। চিকিৎসকসকলে শীতকালত অত্যধিক চাপৰ পৰা দূৰত থকাৰ পৰামর্শ দিছে। অফিচেই হওক বা পাৰিবাৰিক চাপ, সকলােবােৰ এৰাই চলিব লাগিব। অত্যধিক চাপৰ ফলত শৰীৰৰ ৰােগ প্রতিৰােধ ক্ষমতা হ্রাস পায়। ফলত অতি সহজে আপােনাৰ শৰীৰত জুৰ বা আন অসুখে চাহ ল’ব পাৰে।
স্বাস্থ্যকৰ খাদ্য খােৱাটো অতিশয় গুৰুত্বপূর্ণ। বিশেষকৈ শীতকালত। এই শুকান বতৰত বেছি পৰিমাণে ফল আৰু শাক-পাচলি খাব লাগে।ব্যায়াম কৰি শৰীৰক সক্রিয় কৰি ৰাখিব লাগিব। বিভিন্ন ক্ষেত্ৰত নিশা টোপনিত ব্যাঘাত ঘটে। কিন্তু শীতকালত পর্যাপ্ত নিদ্রা অতিশয় জৰুৰী। শীকতালত সততে হজম শক্তি কমি যায়। ফলত টোপনি নহ’লে আপুনি বদহজমৰ সমস্যাত ভুগিব পাৰে। আমাৰ শৰীৰত বেক্টেৰিয়া আৰু ভাইৰাছে সবাতােকৈ বেছি হাতৰ মাধ্যমেৰে প্ৰৱেশ কৰে।
সেয়ে খােৱাৰ পূর্বে হাত ধােৱা অতি জৰুৰী। ধূমপান স্বাস্থ্যৰ পক্ষে অতিশয় ক্ষতিকাৰক। শীতকালত ইয়াৰ বিৰূপ প্ৰভাৱ শৰীৰত বেছিকৈ পৰে। সেয়ে ধূমপান পৰিহাৰ কৰি চলিব। শীতকালত চেনিযুক্ত খাদ্য একেবাৰে খাব নালাগে। কেক, কুকিজ আদিৰ লগতে খাদ্য তালিকাৰ পৰা বিৰত ৰাখিব লাগিব পাওরুটি, পাস্তাৰ দৰে খাদ্যও। শৰীৰ গৰম কৰিবলৈ বহুতেই মদ্যপান কৰে। কিন্তু বিশেষজ্ঞ মতে, এই জাতীয় পানীয়ই শৰীৰক অধিক দুর্বলহে কৰে।