আৰক্ষীৰ আইনী ক্ষমতা প্ৰয়োগৰ স্বাধীনতা আছে, ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত উচ্চতম ন্যায়ালয়

farmers protest tractor 660 070121010243

নতুন কৃষি আইনৰ প্ৰতিবাদত বিক্ষোভত নমা কৃষকসকলৰ ট্ৰেক্টৰ ৰেলী দিল্লীত প্ৰৱেশৰ অনুমতি পাব নে নাই সেইটো আইন শৃংখলাৰ বিষয় । এই বিষয়ত প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰিব দিল্লী আৰক্ষীয়ে । এই নিৰ্দেশ দিল্লী উচ্চতম ন্যায়ালয়ৰ ।

গণৰাজ্য দিৱসত দেশৰ ৰাজধানীত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ ওপৰত নিষেধাজ্ঞা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দিল্লী আৰক্ষী । আজি এই বিষয়ৰ শুনানিত মুখ্য ন্যায়াধীশ এছ এ ব’বডে আৰক্ষীক উদ্দেশ্যি কয়, ‘আপোনালোকৰ সম্পূৰ্ণ আইনী ক্ষমতা প্ৰয়োগ কৰাৰ স্বাধীনতা আছে ।’

ন্যায়ালয়ৰ পৰ্যৱেক্ষণ, দিল্লীত প্ৰৱেশৰ প্ৰশ্ন আইন শৃংখলাৰ বিষয় সেয়ে ইয়াক লৈ দিল্লী আৰক্ষীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব । ব’বডেই লগতে কয় যে, ‘আমি এটৰ্ণি জেনেৰেলক কৈছো, কাক দিল্লীত প্ৰৱেশৰ অধিকাৰ দিয়া হ’ব, কাক প্ৰৱেশৰ অধিকাৰ দিয়া নহ’ব আৰু কেইজনক প্ৰৱেশৰ অধিকাৰ দিয়া হ’ব – এই সকলোবোৰ বিষয়ত প্ৰাথমিক সিদ্ধান্ত ল’ব দিল্লী আৰক্ষীয়ে । আমি প্ৰাথমিক সিদ্ধান্ত ল’বলৈ কোনো নহয় ।’

এটৰ্ণি জেনেৰেলে শুনানিৰ সময়ত নিৰ্দেশ দিবৰ বাবে মুখ্য ন্যায়াধীশক অনুৰোধ কৰিছিল । তেওঁৰ মতে, ‘এই নিৰ্দেশে আমাক অধিক শক্তিশালী কৰিব ।’ ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশে কয়, ‘কেন্দ্ৰীয় চৰকাৰে কি বিচাৰে, তেওঁলোকৰ আইনী ক্ষমতাৰ কথা ন্যায়ালয়ক মনত পেলাই দিব লাগিব ?’ এই সন্দৰ্ভত পুনৰ এটৰ্ণি জেনেৰেলে কয়, ‘আমি অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হৈছো ।’ ব’বডে জনায় যে, ন্যায়ালয়ৰ হস্তক্ষেপে ‘ভুল বুজাবুজি’ৰ সৃষ্টি কৰিব পাৰে ।

ন্যায়ালয়ত দিল্লী আৰক্ষীয়ে আবেদন কৰিছিল, তেওঁলোকে নিৰাপত্তা সংস্থাবোৰৰ পৰা সূত্ৰ পাইছে যে, ‘প্ৰতিবাদকাৰীসকলৰ এটা ক্ষুদ্ৰ দলে’ গণৰাজ্য দিৱসত দিল্লীত ট্ৰেক্টৰ ৰেলীৰ পৰিকল্পনা কৰিছে । ফলত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকা কৰিছে দিল্লী আৰক্ষীয়ে । উচ্চতম ন্যায়ালয়ক কৰা আবেদনত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে উল্লেখ কৰে যে, এই ৰেলী সমগ্ৰ দেশৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিব ।

Exit mobile version