কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত এজন লোকৰ মৃত্যু উত্তৰ প্ৰদেশত

189147 deadweb

কৰ’না ভাইৰাছৰ প্ৰতিষেধক লোৱাৰ এটা দিন পাছত উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাত এজন ৪৬ বছৰীয়া স্বাস্থ্য কৰ্মীৰ মৃত্যু হয়।সূত্ৰ অনুসৰি, মৃত মহিপালৰ পৰিয়ালৰ সদস্যসকলে কয় যে, তেওঁ ভেকছিন লোৱাৰ পূৰ্বে সামান্য অসুস্থ আছিল কিন্তু ভেকছিন লোৱাৰ পাছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটে ।

ADVERTISEMENT

উত্তৰ প্ৰদেশৰ চিএমঅ'(মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়) কয় যে মৃত্যুৰ কাৰণ নিৰ্ণয় কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। ইফালে, দিল্লীত, ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ৫১ জন লোকে বিৰূপ পৰিস্থিতি সন্মুখীন হৈছে ।দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে, ৫১ টা গৌণ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰতিকূল ঘটনা সংঘটিত হৈছে ।

স্বাস্থ্যমন্ত্ৰী জৈনে কয়, “টিকাকৰণৰ ফলত গুৰুতৰভাৱে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱা ২২ বছৰীয়া লোকজনক এইমছৰ ইনটেইনচিভ কেয়াৰ ইউনিটত (আই চি ইউ)ত ভৰ্তি কৰা হৈছে ।” তেওঁ লগতে কয় যে, আন ৫১ জন লোকক এইএফআই দলৰ পৰ্যবেক্ষণত ৰখা হৈছে আৰু তেওঁলোকে স্বাভাৱিক অনুভৱ কৰিলে ৩০ মিনিটৰ পাছত অব্যাহতি দিয়া হ’ব ।কলকাতাত, শনিবাৰে ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰাৰ মিনিটৰ পাছতে সংজ্ঞাহীন হৈ পৰাত এগৰাকী ৩৫ বছৰীয়া নাৰ্ছক চিকিৎসালয়ৰ ক্ৰিতিকেল কেয়াৰ ইউনিট (চিচিইউ)ত ভৰ্তি কৰোৱা হয় ।

Exit mobile version