শীতকালত ছাল আৰু চুলিৰ যতন

928330 haircare skincare winter

◆ শুকান ছালৰ বাবে বাদামৰ তেল, গাখীৰৰ সৰ আৰু কেইটোপালমান নেমুৰ ৰস সমপৰিমাণে মিলাই মুখত লগালে শুকান ভাব নাইকিয়া হয়।

◆ৰঙা চন্দন পাউদাৰ, গাখীৰৰ সৰ, বেচন, কমলাৰ ৰস, বাদাম তেল, নেমুৰ ৰস, গোটেইখিনি মিহলাই পেষ্ট বনাই মুখত লগাব লাগে । বিছ মিনিট পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলালে শুকান ভাৱ নাইকিয়া কৰি মুখৰ উজ্জ্বলতা আনে।

◆মৌচম্বীৰ ৰস মৌৰ লগত মুখত পেক হিচাবে লগাব পাৰে। ঠিক তেনেদৰে পকা কল তাৰ লগত দুটোপাল মৌ দি মুখত লগালে মুখৰ মৃতকোষবোৰ নাইকিয়া কৰি ছালৰ উজ্জ্বলতা আনে।

◆ যেতিয়া ছালখন শুকাই যায় তেতিয়া হালধি, বেচন, নেমুৰ ৰস আৰু মৌ মিহলাই পেষ্ট তৈয়াৰ কৰি মুখত লগাই বিছ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিলে এই শুকান ভাব নাইকিয়া হয়।

চুলিৰ যতন

◆দুই বা তিনি চামুচ মিথি গুড়ি দৈত এৰাতি তিয়াই পিছদিনাখন পিহি লৈ পেষ্ট বনাই চুলিৰ গুৰিত লগাব লাগে । এনেদৰে সপ্তাহত এবাৰ কৰিলে চুলি সৰা বন্ধ হ’ব।

◆ চুলি সৰিলে নেমু ৰসৰ লগত আমলখি ৰস মিহলাই মূৰত লগাই এঘন্টামান ৰাখি ধুই দিব। এনে কৰিলে চুলি সৰা বন্ধৰ উপৰি উফিৰ কাৰণেও সুফলদায়ক।

◆নেমুৰ ৰস আৰু কণী একেলগে পেষ্ট বনাই চুলিত লগাব। এঘন্টামান ৰাখি কোমল চেম্পুৰে চুলি ধুই দিব। এই পেকটোৱে ৰুক্ষতা দূৰ কৰি সজ্জীৱতা আনে।

◆শুকান চুলিৰ সমস্যা দূৰ কৰিবলৈ নাৰিকল তেলৰ লগত কেষ্টৰ তেল মিলাই মালিচ কৰিলে চুলি গজাত সহায় কৰে আৰু শুকান ভাব নাইকিয়া কৰে।

◆টেঙা দৈ চুলি গুৰিৰ পৰা আগলৈকে লগাব। দুঘন্টাৰ পিছত হাৰ্বল চেম্পুৰে ধুই দিব। চাব যাতে চুলিৰ পৰা দৈখিনি আঁতৰি যায়। একেৰাহে কৰিলে উফিৰ পৰা পৰিত্ৰাণ পোৱা যায়।

Exit mobile version