দুৰাৰোগ্য ৰোগত আক্ৰান্ত চাৰি বছৰীয়া দেৱ শিশু মাহেকত প্ৰয়োজন দুই ইউনিট ৰক্ত

226d5e57 eb26 4370 9a41 c5a27c8d483f

জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ চাহেব আলীয়ে এখন ঠেলাৰ ওপৰত নিৰ্ভৰ কৰি কোনো ৰকমে পৰিয়াল চলাই আহিছে। তেনে সময়ত চাহেব আলীৰ পৰিয়ালত নামি আহিছে অমানিশা। চাহেব আলীৰ চাৰি বছৰীয়া পুত্ৰ শ্বাকিল আহমেদ আক্ৰান্ত হৈছে থেলাছেমিয়া নামৰ দুৰাৰোগ্য ৰোগত। কনমানি শ্বাকিল আহমেদক মাহেকত প্ৰয়োজন হয় দুই ইউনিট ৰক্তৰ। চিকিৎসকে কোৱা মতে ৰক্ত দি থাকিব নোৱাৰিলে এই সংসাৰৰ বিদায় ল’ব লাগিব শ্বাকিলে।

ঠেলা চালক চাহেব আলীয়ে গৰু-ছাগলী, হাঁহ-কুকুৰা, পত্নীৰ গহনা সমস্ত কিছু বিক্ৰী কৰি চিকিৎসা কৰিছে। কিন্তু চিকিৎসকে উন্নয়ত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ধনৰ অভাৱত চিকিৎসকৰ ওচৰত নিব পৰা শ্বাকিলৰ পিতৃয়ে। দুৰ্ভগীয়া পিতৃৰ এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন।

যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰে তেন্তে শ্বাকিলৰ মাতৃ কহিনুৰ বেগমৰ নামত থকা AC/NO-38244693813 IFC-SBIN-5091 এই একাউণ্ট নাম্বৰত আপোনালোকে সহায় কৰিব পাৰে। অথবা দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ 6003042365 এই নাম্বৰত ফোন কৰিব পাৰে। আপোনাৰ কিঞ্চিত মৰমে শিশুটি পাব পাৰে জীৱন দান। শ্বাকিল আহমেদৰ পিতৃ-মাতৃয়ে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ পৰা বিচাৰিছে সহায়ৰ হাত।

Exit mobile version