সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ শালবাৰী জিলা সমিতিৰ অন্তৰ্গত ঢেঁকীয়াজানি পাথাৰত দেওবাৰে সন্ধিয়া সমাজকৰ্মী ইনছান আলীৰ সভাপতিত্বত এখন সাধাৰণ সভাৰ অনুষ্ঠিত হয়৷
সভাৰ জৰিয়তে আমিনুৰ ইছলামক সভাপতি, ৰহিজ উদ্দিনক সাধাৰণ সম্পাদক, আব্দুৰ ৰহমানক কাৰ্য্যকৰী সভাপতি, আবু বক্কৰ ছিদ্দিক, মাজিদুল ইছলাম, আব্বাছ আলীক উপ-সভাপতি , ৰেজাউল কৰিমক প্ৰচাৰ সম্পাদক, ইব্ৰাহীম আলীক সাংগঠনিক সম্পাদক, বাবুল হুছেইনক শিক্ষা সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া ঢেঁকীয়াজানি আঞ্চলিক সমিতি নামেৰে এখন আঞ্চলিক সমিতি নতুনকৈ গঠন কৰা হয়।
উক্ত সভাত এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খন্দকাৰ, উপ-সভাপতি বাহাৰুল ইছলাম আৰু মৈৰাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি হজৰত আলী উপস্থিত থাকি সাম্প্ৰতিক পৰিস্থিতি আৰু সাংগঠনিক দিশত ভাষণ প্ৰদান কৰে।