‘ছেকেণ্ড জেণ্টেলমেন’ টুইটাৰ একাউণ্ট পাব কমলা হেৰিছৰ স্বামীয়ে

EfZargrXsAIt1OI

২০ জানুৱাৰীৰ পাছত টুইটাৰত চৰকাৰীভাৱে আমেৰিকাৰ ছেকেণ্ড জেণ্টেলমেন হিচাপে পৰিচিত হ’ব নিৰ্বাচিত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স্বামী । ইতিহাসত এইটোৱে প্ৰথম ঘটনা । কমলাই আমেৰিকাৰ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি হৈ ইতিহাস ৰচিলে ।

কমলা হেৰিছৰ স্বামী ডগলাছ এমহফ জীৱিকাত অধিবক্তা । প্ৰথমবাৰৰ বাবে তেওঁ এটা অফিচিয়েল টুইটাৰ একাউণ্ট পাব । সম্প্ৰতি এমহফৰ নতুন টুইটাৰ একাউণ্টত চাৰি লাখ ৮০ হেজাৰ ফ’ল’ৱাৰ ।

এনহফে এটা মাইক্ৰ’ব্লগিং ছাইট চলাই । একাউণ্টটোত তেওঁৰ পৰিচয়ত লিখা আছে, ‘ভৱিষ্যতৰ ছেকেণ্ড জেণ্টেলমেন, দায়িত্বশীল পিতৃ আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ গৰ্বিত স্বামী ।’

২০ জানুৱাৰীত ৪৬তম মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জ’ বাইডেনে শপতগ্ৰহণ কৰিব । সেই সময়ত বহুতো ছ’চিয়েল মিডিয়া একাউণ্ট আমেৰিকাৰ নতুন প্ৰশাসনৰ হাতত তুলি দিয়া হ’ব । কিছুদিন পূৰ্বে বাইডেনে টুইট কৰিছিল, ‘তেওঁৰ ৰাষ্ট্ৰপতি ইলেক্ট বাইডেন একাউণ্টটো সম্পূৰ্ণৰূপে ৰাষ্ট্ৰপতিৰ একাউণ্টত পৰিণত হ’ব ।’

Exit mobile version