এজন যুৱকৰ মৃত্যুক কেন্দ্র কৰি ধিঙত উত্তপ্ত পৰিস্থিতি

bb20a038 a20b 46ad aa8a 9dfc6aa3a41d

ধিং সোণাৰী গাঁৱৰ এজন যুৱকক গুলিয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি ধিঙত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, ধিং জাজৰী সংযোগী  গড়কাপ্টানী পথৰ ধিঙৰ সোনাৰী গাৱঁৰ দলঙৰ সমীপত যোৱা ছয় জানুৱাৰীৰ সন্ধ্যা বাইকত অহা অচিনাক্ত আটককাৰীয়ে বেছামাৰীৰ চোহেল আহমেদ নামৰ এজন যুৱকক মূৰত গুলিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

পাছত গুলিৰ শব্দ শুনি ঘটনাস্থলীত ওচৰ চুবুৰীয়া আহি চিঞৰ-বাখৰ কৰাত পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। উপস্থিত ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুলিবিদ্ধ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মেগজিন।

পৰৱৰ্তী সময়ত এই যুৱকজনৰ স্বাস্থ্য অৱস্থা অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । এই সমগ্র ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পিছদিনাই ধিং থানাত এখন এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত আটক নহ’ল। ইফালে যোৱা এটা পষেকে মৃত্যুৰ স’তে যুঁজ দি থাকি কালি মৃত্যু হয় যুৱকজনৰ। যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত অঞ্চলজুৰি এক চেপা উত্তেজনা বিৰাজ কৰে।

আজি যুৱকজনৰ মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগে গাঁওবাসীয়ে মৃতদেহ গাড়ীত লৈ এক প্ৰতিবাদী সমদল উলিয়াই । বেছামাৰীৰ পৰা প্ৰায় সাত কিলোমিটাৰ পথ অতিক্রম কৰি আহি ধিং বজাৰত এইসকল প্ৰতিবাদকাৰীয়ে অভিযুক্তক আটক কৰি ফাঁচিৰ দাবী তুলি ৰাজপথ উত্তাল কৰে।

য’ত অংশ লয় স্কুলীয়া ছাত্র-ছাত্রীয়েও। ৰাজপথত মৃতদেহ লৈ শশ প্ৰতিবাদ কাৰীয়ে বহু সময় ধৰি ৰাজপথ অৱৰোধ কৰাত ব্যপক যান-জটৰ সৃষ্টি হয়। পৰিস্থিতিৰ ক্ৰমান্বয়ে অধিক অৱনতি ঘটাত লগে লগে ঘটনাস্থলীত উপস্থিত হয় ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ লগতে নগাঁও জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া। নগাঁও জিলা উচ্চ পদস্থ আৰক্ষী বিষয়াই অতি শীঘ্রই অভিযুক্তক আটক কৰা আশ্বাস প্রদান কৰাতহে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

Exit mobile version