গণৰাজ্য দিৱসত কুচকাৱাজত প্ৰথম মহিলা ফাইটাৰ জেট চালক, প্ৰদৰ্শিত হ’ব ৰাফেল

Image 10 1200x768 1

ভাৰতীয় বিমান বাহিনীৰ প্ৰথম মহিলা ফাইটাৰ জেট চালক হিচাপে ভাৱনা কান্থে ‌ভাৰতৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশ ল’ব । ভাৰতীয় বিমান বাহিনীৰ বিশেষ টেবলইডৰ অংশ হ’ব তেওঁ । য’ত মূলতঃ ‘মেক ইন ইণ্ডিয়া’ৰ আদৰ্শ দাঙি ধৰা হ’ব ।কান্থে কয়, ‘সৰুৰ পৰাই টেলিভিছনত গণৰাজ্য দিৱসত কুচকাৱাজ চোৱাৰ অভ্যাস আমাৰ ।

এইটো গৰ্বৰ বিষয় যে মই সেই কুচকাৱাজত অংশ গ্ৰহণ কৰিম । ৰাফল বা সুখইৰ দৰে ফাইটাৰ জেট চলাবলৈ দিলেও ম মই আনন্দিত হ’ম ।’কুচকাৱাজত থাকিব এলচিএ তেজছ, লাইট কমবেট হেলিকপ্টাৰ, ৰোহিনী ৰাডাৰ, আকাশ মিছাইল আৰু সুখই ৩০ এমকেআই ।

এইবাৰ গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে আকাশত ৰাফেল বিমান উৰা পৰিলক্ষিত হ’ব । এটা বিশেষ আকাৰৰ ফৰ্মেশ্বন গঠন কৰি ৰাফেল বিমানবোৰ আকাশত উৰিব ২৬ জানুৱাৰীৰ অনুষ্ঠানত।আনহাতে, এইবাৰ সন্মানিত কৰা হ’ব ভাৰতীয় বিমান বাহিনীৰ ঐতিহ্যশীল বিমান ‘ডাকোটা’ । ১৯৭১ৰ যুদ্ধত এই বিমান ব্যৱহাৰ কৰা হৈছিল । পাকিস্তানৰ বিৰুদ্ধে মুক্তি যুদ্ধৰ ৫০ বছৰ পূৰ্তি উপলক্ষে বাংলাদেশৰ এটা সেনাবাহিনীৰ দলেও অংশগ্ৰহণ কৰিব ।

Exit mobile version