ছেইফে কৰিণাক বিয়া কৰোৱাৰ কথাত কি প্ৰশ্ন কৰিছিলে ছাৰাই ?

sara story

ছাৰা আলি খানৰ ছেইফ আলি খানৰ স’তে সৰুৰ পৰাই সু-সম্পৰ্ক আছে । তেওঁলোকে একেলগে বহু সময়ো কটাইছে । ছেইফে ছাৰাৰ লগত সকলোবোৰ কথা মুকলিভাৱেই আলোচনা কৰে । জনপ্ৰিয় অভিনেত্ৰী কৰিণা কপোৰে বলীউডত পোন প্ৰথমবাৰৰ বাবে ‘পু’ৰ ৰূপত ‘কভি খুচি কবি গম’ চলচ্চিত্ৰৰ জৰিয়তে খলকনিৰ সৃষ্টি কৰে ।

ইয়াৰ পাছতে অসংখ্য অনুৰাগীৰ দৰে ছাৰা আলি খানো ‘পু’ৰ ৰূপত মুগ্ধ হৈ পৰে । সম্প্ৰতি এক সাক্ষাৎকাৰত এই বিষয়ত মুখ খুলে ছাৰাই । এই সাক্ষাৎকাৰতে ছাৰাই কয়, ছেইফে যেতিয়া কৰিণাক বিয়া কৰোৱাৰ কথা কৈছিল ছাৰাৰ প্ৰতিক্ৰিয়া কি আছিল । ছাৰাই কয় যে, তাইৰ পিতৃয়ে তাইৰ পৰা একো নোলোকোৱাই ।

সকলো কথাই ছেয়াৰ কৰে । এইবাৰো তাৰ ব্যতিক্ৰমী নহয় । ছেইফে নিজে আহি ছাৰাক জনাইছিল যে, তেওঁ কৰিণা কপোৰক বিয়া কৰিব বিচাৰিছে । এইটো শুনাৰ পাছত ছাৰাৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল, ‘তেওঁ বিয়াত কি পৰিধান কৰিব ?’ছাৰা আনন্দিত হৈছিল তেওঁৰ সপোনৰ অভিনেত্ৰী, বলীউড ডিভা কৰিণা তেওঁৰ পৰিয়ালত আহিব । এই বিষয়ত ছাৰাৰ মাতৃৰো কোনো আপত্তি নাছিল ।

‌ছেইফৰ জীৱনত যেতিয়া কৰিণা আহিছিল, তেতিয়া সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল তেওঁৰ সন্তানে বিষয়টো কেনেদৰে ল’ব । তেতিয়াই খবৰ আহে যে ছাৰাই নিজেই পিতৃক সম্পৰ্কটো আগবঢ়াই নিবলৈ সহায় কৰে ।এই সম্পৰ্কত কোনোদিনে পৰিয়ালবৰ্গই আপত্তি নকৰে । ছাৰা আৰু তাইৰ ভাতৃ ইব্ৰাহিমে কোনোদিনে সমস্যাৰ সৃষ্টি নকৰে ।

Exit mobile version