মৈৰাবাৰীত এজেপিৰ গণসমাৱেশ আৰু যোগদান সমাৰোহত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক কঠোৰ সমালোচনা লুৰিণজ্যোতিৰ

WhatsApp Image 2021 01 19 at 6.15.44 PM

মছজিদ আৰু পাতেকিবড়ী সত্ৰত আৰ্শিবাদ লৈ সম্প্ৰীতিৰ বাৰ্তা অজেপিৰ সভাপতিজনৰ

 

মৰিগাঁও জিলাৰ মৈৰাবাৰী তথা ধিং সমষ্টিৰ মধ্যবিন্দু মৈৰাবাৰী ইন্দিৰা খেল পথাৰত আজি এ জে পিৰ গনসমাৱেশ আৰু যোগদান সমাৰোহত অংশ গ্ৰহণ কৰে এজেপি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

তেওঁৰ সৈতে সভাত অংশ গ্ৰহণ কৰে দলটোৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক বাণী দাস, আব্দুল হাচিম, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিবাহক চিমল দেউৰি, বেণী মাধৱ ঘোষ, উদ্দিপ্ত নাৰায়ন ৰজা, জয়ন্ত ডেকা, হোজাই জিলা সভাপতি লুটফুৰ ৰহমান, মৰিগাঁও জিলাৰ মুখ্য আহ্বায়ক জিতেন ডেকা, যুৱনেতা দুলু আহমেদ, জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক হিৰক জ্যোতি বৰাসহ এজেপিৰ নেতৃস্থানীয় এটা বৃহৎ দলে ।

মৈৰাবাৰীত উপস্থিত হোৱা লগে লগে কেবা সহস্ৰাধিক লোকে লুৰিণজ্যোতিক অভিনন্দন জনাই পুস্পবৃষ্টিৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। সভাখনত দহ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে। ভাষন প্ৰসঙ্গত লুৰিণজ্যোতিয়ে বিজেপি চৰকাৰখনক যিকোনো কৌশল প্ৰয়োগ কৰি হ’লেও উৎখাত কৰিব বুলি হুমকি দিয়ে।

তদুপৰি ‘কা’ বিৰোধী স্থিতিত সদায় অটল আছে আৰু থাকিব বুলি কয় লুৰিণজ্যোতিয়ে । এই আইনখনে ভাৰতীয় সংবিধানৰ চেকুলাৰ চৰিত্ৰক নস্যাৎ কৰিছে বুলি মত প্ৰকাশ কৰে গগৈয়ে । ২০২১ ত কংগ্ৰেছ বা এ আই ইউ ডি এফক ভোট দি বিজেপিক প্ৰকাৰন্তে সহায় নকৰিবলৈ অনুৰোধ কৰি অসম জাতীয় পৰিষদক ভোট দি ৰাজ্যখনক সাম্প্ৰদায়িক ৰাজনীতিৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ।

ইফালে সভা চলি থকা অৱস্থাতে সাংবাদিকসকলক মাতি নি দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই লাইকা দধীয়া লোকৰ লগতে খহনীয়াগ্ৰস্ত লোকসকলৰ সংস্থাপনৰ সন্দৰ্ভত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। যুৱ নেতা দুলু আহমেদে অঞ্চলটোৰ বাট-পথৰ অৱস্থাৰ কথা আঙুলিয়াই বিধায়ক আমিনুল ইছলামক সমালোচনা কৰে আৰু ২০২১ ত এ আই ইউ ডি এফক ভোট নিদিও বুলি আজিয়ে প্ৰতিজ্ঞাবদ্ধ হ’বলৈ দিয়ে।

মুঠতে লুৰিণজ্যোতিৰ উদ্দাত্ত ভাষণে প্ৰতি শজন লোককে আকৃষ্ট কৰে। এক কথাত ক’বলৈ গ’লে মৈৰাবাৰী ইন্দিৰা খেলপথাৰত এজেপিয়ে নিৰ্বাচনী ৰণশিঙা বজাই আমিনুলৰ অভেদ্য দূৰ্গ ধিং সমষ্টিত আজি কঁপনিৰ সৃষ্টি কৰিলে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি সভা সামৰি লুৰিণজ্যোতিৰ নেতৃত্বত ৰাইজৰ দলৰ নেতৃস্থানীয় দলটোৱে মৈৰাবাৰী গাৰে হেৰা জামে মছজিদ আৰু মৈৰাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ জন্মস্থান আলিপুখুৰী পাতেকীবড়ী সত্ৰত সেৱা জনাই আৰ্শিবাদ লৈ মৈৰাবাৰীবাসীৰ মাজত দি থৈ গ’ল সাম্প্ৰদায়িকতাৰ বিপৰীতে সম্প্ৰীতিৰ বাৰ্তা ।

Exit mobile version