বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব বোকাখাতত কৃষি উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী অনুষ্ঠান

Screenshot 184

অসম চৰকাৰৰ কৃষি উদ্যান শস্য বিভাগৰ উদ্যোগত বোকাখাতত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ বোকাখাত  ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব ‘ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী ২০২১’।ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন ঠাইৰ বহু সফল উদ্যোগী কৃষকৰ উপস্থিতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো বহু কৃষকে (ভাৰ্চুৱেল) অংশগ্ৰহণ কৰিব লগা এই প্ৰদৰ্শনীয়ে ৰাজ্যৰ কৃষি উদ্যান শস্যৰ বহল ক্ষেত্ৰখনত এক বিপ্লৱৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে তিনিদিনীয়া অনুষ্ঠানটো মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে অনুষ্ঠানটোত অংশগ্ৰহন কৰিব বিত্তমন্ত্ৰী ড০ হিমান্তবিশ্ব শৰ্মা আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মাৰেও ।ইপিনে, তিনিদিনীয়া অনুষ্ঠানৰ প্ৰতিটো সন্ধিয়াই প্ৰখ্যাত কণ্ঠশিল্পীসকল ক্ৰমে কল্পনা পাটোৱাৰী, বিপিন চাওদাং, ৰিয়ান দাস পেগু, সাজন নায়ক, নীল আকাশ, বিমান বৰুৱা আৰু ঢোলৰ ওজা সোমনাথ বৰাৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ উঠিব বোকাখাত।

কৃষি বিজ্ঞানী, সফল যুৱ খেতিয়কৰে কৃষক সকলৰ আলোচনা চক্ৰ, কৰ্মশালা, প্ৰশিক্ষণ আদিও অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰস্তুতি ইতিমধ্যেই সম্পন্ন হৈ উঠিছে। আজি কৃষিমন্ত্ৰী অতুল বৰাই এক সাক্ষাৎকাৰত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ কৃষক সকলক আদৰিবলৈ চৰকাৰী পক্ষ সাজু হৈছে বুলি প্ৰকাশ কৰে। দেশৰ কৃষক সকলৰ বিভিন্ন সৰু-বৰ বিপনীয়ে অংশ গ্ৰহণ কৰিব লগা এই কৃষি প্ৰদৰ্শনী অনুষ্ঠানৰ স্বয়ং বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই তদাৰক কৰি আছে আৰু অসমীয়া কৃষকসকলৰ হকে অনুষ্ঠানটি ফলদায়ী হৈ উঠিব বুলিও প্ৰকাশ কৰে।

ইপিনে, মন্ত্ৰী অতুল বৰাই বোকাখাতৰ বিভিন্ন দল-সংগঠন, সাংবাদিক সংগঠন, কৃষক সমাজ, বৌদ্ধিক মহলকে আদি কৰি বিভিন্ন পক্ষৰ স’তে আলোচনাত মিলিত হৈ অনুষ্ঠান সম্পৰ্কীয় পৰামৰ্শ লৈ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে কৃষিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্য আগত ৰাখি কৃষিমন্ত্ৰী অতুল বৰাই বিভিন্ন সময়ত এলানি চমকপ্ৰদ পদক্ষেপ গ্ৰহণ কৰি আহিছে।ইয়াৰে অংশ হিচাবে এই কার্যসূচী বোকাখাতত প্ৰথম বাৰৰ বাবে আয়োজন কৰি বোকাখাতৰ কৃষক সমাজৰ লগতে বিভিন্ন মহলৰ উছাহ দুগুণে বৃদ্ধি কৰিছে। আজি সংবাদ মাধ্যমৰ আগত কৃষিমন্ত্ৰী গৰাকীয়ে সকলো মহলৰ সহযোগিতা অবিহনে এই বৃহৎ অনুষ্ঠান সফল নহয় বুলি মন্তব্য কৰাৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰে তেওঁ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে।

Exit mobile version