ভাৰতেই নহয়, সমগ্ৰ বিশ্বই তোমালোকক অভিনন্দন জনাবঃ ৰবি শাস্ত্ৰী

951109 ravi shastri

অজিংক্য ৰাহানেক ড্ৰেচিং ৰুমত ৰবি শাস্ত্ৰীয়ে যেতিয়া বক্তব্য দি আছিল তেতিয়া তেওঁৰ চকু চলচলীয়া হৈ আছিল । যোৱাবাৰ অষ্ট্ৰেলিয়াক পৰাজয় কৰি ছিৰিজ জয় কৰাক তুলনা কৰিছিল বিশ্বকাপ জয়ৰ আনন্দৰ স’তে । এইবাৰ তেনে কোনো কথা নকলেও শাস্ত্ৰীৰ বক্তব্য ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ‌।ৰবি শাস্ত্ৰীয়ে কয়, ‘মোৰ চকুত এতিয়াও পানী হৈ আছে । তুমি যি সাহস দেখুওৱা সেয়া অবিশ্বাস্য ।

এটাৰ পাছত আন এটা আঘাত পোৱাৰ পাছতো নিজৰ ওপৰত বাশ্বাস নাই হেৰুওৱা তোমালোকে । এইটো এদিনতে নহয়, বহুদিন খেলাৰ পাছত হয় । আজি কেৱল ভাৰতে নহয়, সমগ্ৰ বিশ্বই তোমালোকক অভিনন্দন জনাব । এই মুহূৰ্তত সেইটো উপভোগ কৰা ।’শাস্ত্ৰীয়ে যেতিয়া ড্ৰেচিং ৰুমত কথাবোৰ কৈ আছিল তেতিয়া সকলোৱে মুগ্ধ হৈ শুনি আছিল ।

ভাৰতৰ এই জয়ৰ বাবে খেলুৱৈসকলৰ লগতে ছাপ’ৰ্ট ষ্টাফ ফিজিয়’ৰ কথাও দাঙি ধৰে শাস্ত্ৰীয়ে ।ব্ৰিছবেনত শুভমন গিলৰ ইনিংছৰ প্ৰশংসা শুনা যায় শাস্ত্ৰীৰ মুখত । চেতেশ্বৰ পূজাৰাক তেওঁ কয়, ‘সকলোৱে তোমাক শ্ৰেষ্ঠ যোদ্ধা হিচাপে পৰিগণিত কৰিব ।’এই ছিৰিজত বেটছমেন ঋষভ পণ্টে অভিলেখ গঢ়িলে । শাস্ত্ৰীয়ে কয়, ‘বেট কৰি থাকোতে হাৰ্ট এটেক আহি গৈছিল ।

অসাধাৰণ খেলিছা তুমি ।’বিৰাট কোহলিৰ অনুপস্থিতিত ৰাহানে যেনেদৰে দলক নেতৃত্ব দিছিল তাৰো প্ৰশংসা কৰে শাস্ত্ৰীয়ে । শাস্ত্ৰীয়ে কয়, আডিলেইডত পৰাস্ত হোৱাৰ পাছত যিদৰে তুমি দলটো নেতৃত্ব দিছা সেইটো অসাধাৰণ । খেলপথাৰত যিদৰে সকলোকে আগত ৰাখিছিলা সেইটো স্মৰণীয় ।’এই ছিৰিজত ভাৰতৰ মহম্মদ চিৰাজ, শ্বাৰ্দুল ঠাকুৰ, নবদীপ ছাইনি, টি নটৰাজন, শুভমন সকলোকে প্ৰশংসা কৰে ভাৰতীয় কোচে । পুনৰ দলত যোগ দিব বিৰাটে ।

Exit mobile version