এটা তৰাৰ মৃত্যুত জন্ম হ’ল নিউট্ৰন নক্ষত্ৰৰ

fig1 7

কোনো নক্ষত্ৰৰ মৃত্যুৰ সময়ত কি কি ঘটে, তাৰেই এক বিৰল ফটো পৃথিৱীলৈ প্ৰেৰণ কৰিলে‌ নাছাৰ মহাকাশ যানে । আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৰ যান চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰীৰ টেলিস্কোপত এই বিৰল ফটোখন বন্দী হয় । নক্ষত্ৰৰ মৃত্যুৰ সময়ত যি নিউট্ৰন নক্ষত্ৰৰ জন্ম হয়, তাৰো ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নাছাৰ মহাকাশ যানে ।

বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো নক্ষত্ৰ বা তৰাৰ মৃত্যুৰ ক্ষণ উপস্থিত হ’লে প্ৰচণ্ড বিস্ফোৰণ ঘটে । এই বিস্ফোৰণৰ নামেই হৈছে ‘ছুপাৰন’ভা’ । এই বিস্ফোৰণৰ পাছত তৰাৰ দেহাৱশেষৰ পৰা প্ৰৱল মধ্যাকৰ্ষণ শক্তিৰ টানত দুই ধৰণৰ মহাজাগতিক বস্তুৰ জন্ম হ’ব পাৰে । এটা হৈছে ব্লেকহ’ল বা কৃষ্ণগহ্বৰ আৰু আনটো হৈছে নিউট্ৰন নক্ষত্ৰ ।

কৃষ্ণগহ্বৰৰ মধ্যাকৰ্ষণ শক্তি ইমানেই প্ৰৱল যে পোহৰো ইয়াৰ কবলৰ পৰা ৰক্ষা পৰি বাহিৰ ওলাব নোৱাৰে । সকলো বস্তুকেই গ্ৰাস কৰে কৃষ্ণগহ্বৰে । আনহাতে, নিউট্ৰন নক্ষত্ৰৰ ঘনত্ব অপৰিসীম । এই নক্ষত্ৰত নিউট্ৰন কণিকাবোৰে ইমানেই কঠিনভাৱে বান্ধ খাই থাকে যে এটা ‘ছুগাৰ কিউব’ আকাৰৰ নিউট্ৰন নক্ষত্ৰৰ ওজন হয় এশ কোটি টনৰো অধিক ।

অৰ্থাৎ প্ৰায় মাউণ্ট এভাৰেষ্টৰ সমান । নাছাই জনাইছে যে চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰীয়ে যিটো ছুপাৰন’ভাৰ ফটো সংগ্ৰহ কৰিছে, তাৰ নাম ‘আৰচিডব্লিউ-১০৩’ । নিউট্ৰন নক্ষত্ৰক সেই তৰাৰ দেহাৱশেষৰ একেবাৰে কেন্দ্ৰত দেখা গৈছে ।

Exit mobile version