পৃথিৱীতকৈ গধুৰ-গতিশীল নতুন গ্ৰহৰ সন্ধান

toi561b

মহাকাশ জগতত সন্ধান ওলাল নতুন বাসিন্দাৰ । আমাৰ সৌৰজগতৰ বাহিৰত এটা নতুন গ্ৰহৰ সন্ধান লাভ কৰিছে নাছাৰ বিজ্ঞানীসকলে । এই আৱিষ্কাৰ নাছাৰ ‘ট্ৰেছ’ (ট্ৰেনজিট এক্স’প্লেনেট ছাৰ্ভে ছেটেলাইট) অভিযানৰ অন্যতম বৃহৎ সাফল্যৰূপে দাবী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৱে । সম্প্ৰতি নাছাৰ বিজ্ঞানীসকল এই নতুন গ্ৰহৰ যাৱতীয় তথ্যৰ সন্ধানত ব্যস্ত হৈ পৰিছে ।

সৌৰজগতৰ বাহিৰৰ এই নৱ আৱিষ্কৃত গ্ৰহৰ নাম ‘টিঅ’আই-৫৬১বি’ ৰাখিছে ‘টেছ’ অভিযানৰ বিজ্ঞানীসকলে । গ্ৰহটোৰ সম্পৰ্কে ইতিমধ্যে তেওঁলোকে কেতবোৰ তথ্যও সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই নতুন গ্ৰহটো পৃথিৱীৰ তুলনাত কমেও ৫০ শতাংশ ডাঙৰ আৰু প্ৰায় তিনিগুণ গধূৰ । তৎসত্ত্বেও ব্যতিক্ৰমীভাৱে ইয়াৰ আহ্নিক গতি পৃথিৱীতকৈ কম ।

অৰ্থাৎ সেই গ্ৰহটোৱে নিজৰ নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলৈ ২৪ ঘণ্টাৰো কম সময় লয় । এই চৰিত্ৰৰ বাবেই নতুন গ্ৰহটোক বিজ্ঞানীসকলে ‘ছুপাৰ আৰ্থ’ নামেৰেও অভিহিত কৰিছে । লগতে তথ্য পোৱা গৈছে যে পৃথিৱীৰ তুলনাত ‘টিঅ’আই-৫৬১বি’ৰ ভূমি শিলাময় আৰু ৰুক্ষ । এনে শিলাময় ভূমি ইয়াৰ পূৰ্বে বাহিৰৰ কোনো নক্ষত্ৰমণ্ডলীৰ অন্তৰ্গত গ্ৰহতে দেখা পোৱা নাই বুলিও বিজ্ঞানীৰ দলটোৱে দাবী কৰিছে ।

প্ৰাপ্ত তথ্যৰ সন্ধান কৰি বিজ্ঞানীসকলে জনাইছে যে গ্ৰহটো অন্তত ১৪শ কোটি বছৰৰ আগৰ কোনো হাতীপটিৰ অংশ । প্ৰাথমিক কিছু তথ্য জনাৰ পাছতে এই নতুন গ্ৰহত কোনো প্ৰাণীৰ অস্তিত্ব সম্ভৱ নেকি বুলিও অৱধাৰিতৰূপে প্ৰশ্ন উঠিছে । অৱশ্যে বিজ্ঞানীসকলৰ পৰ্যৱেক্ষণে সেই বিষয়ত উৎসাহিতসকলক হতাশেই কৰিছে । বিজ্ঞানীসকলৰ তৰফৰ পৰা কোৱা হৈছে যে এনে শিলাময় আৰু তপত ভূমিত কোনো প্ৰাণধাৰণ সম্ভৱ নহয় ।

অৱশ্যে সকলোবোৰেই ইমান নেতিবাচক নহয় । নতুনকৈ আৱিষ্কৃত গ্ৰহটোৰ সম্পৰ্কে নানা পৰ্যৱেক্ষণত বিস্ময়ো বৃদ্ধি পাইছে বিজ্ঞানীসকলৰ । তেওঁলোকে আশা কৰিছে যে এই নতুন গ্ৰহটোৰ হাতত ধৰিয়েই মহাকাশ জগতত নতুন অধ্যায়ৰ সূচনা হ’ব ।

Exit mobile version