বকো আৰক্ষী থানাৰ পৰা হিন্দী বোলছবিৰ কায়দাৰে পলায়ন বাইক চোৰ

WhatsApp Image 2021 01 21 at 3.35.56 PM

প্ৰথমে লকআপৰ ভিতৰত সংঘাত, পাছত লকআপৰ বাহিৰৰ বেঞ্চৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলায়ন

 

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ পৰা নিশা আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীৰ পলায়ন। পলায়ন বাইক চোৰ হাকিমুদ্দিন আলী ওৰফে ছাকুমাৰা (২৫)। যোৱা ছয় ডিচেম্বৰত এক গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছিল পাঁচটাকৈ দুৰ্ধৰ্ষ চোৰ। ১৮ জানুৱাৰীত বকো থানাৰ গোচৰত আৰক্ষীৰ জিম্মাত লৈছিল অভিযুক্ত অপৰাধী কেইটাক।

যোৱা নিশা লকআপত সংঘাটত লিপ্ত হৈছিল চোৰকেইটা। তাৰ পাছত হেণ্ডকাপ লগাই বাহিৰত ৰখা হৈছিল হাকিমুদ্দিনক। নিশা প্ৰায় ১-১০ বজাত হেণ্ডকাপ ছিঙি পলায়ন চোৰ হাকিমুদ্দিন আলীৰ। দাঁতেৰে কামুৰি হেণ্ডকাপ ছিঙি পলায়ন কৰাৰ সন্দেহ। বকো আৰক্ষী থানাৰ 1304/20 নম্বৰ গোচৰত অভিযুক্ত পলাতক চোৰ হাকিমুদ্দিন সহিতে সংগী চাৰিজন ।

Exit mobile version