বোকাজানৰ সৰিয়হজানত অনুষ্ঠিত পৃষ্ঠাপ্ৰমুখ সন্মিলন

WhatsApp Image 2021 01 21 at 7.32.28 PM

২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসনাধিষ্ঠিত বিজিপিয়ে ৰাজনৈতিক তৎপৰতা ক্ষিপ্ৰ কৰি তুলিছে ৷ আজি কাৰ্বি আংলং জিলাৰ বোকাজানৰ সৰিয়হজানত অনুষ্ঠিত পৃষ্ঠাপ্ৰমুখ সন্মিলনত উপস্থিত থাকি সকলো কৰ্মকৰ্তাকে আগন্তুক নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷

পৃষ্ঠাপ্ৰমুখ সন্মিলনত ভাষণ প্ৰদান কৰি দাসে কয় যে, বিজেপি চৰকাৰৰ দিনত এই পাঁচ বছৰে ৰাজ্যখনৰ চৌপাশে অভূতপূৰ্ব উন্নয়ন সাধন হৈছে ৷ বিজেপি চৰকাৰে এই সময়ছোৱাত ৰাজ্যত ১০ খন চিকিৎসা মহাবিদ্যালয়, ২১ হেজাৰ কি:মি পথ নিৰ্মাণ, ১৬শ লোকক বৃদ্ধ পেঞ্চন, তিনিলাখ মহিলাক বিধৱা পেঞ্চন, অৰুণোদয় আঁচনিৰ অধীনত ২২ লাখ দুখীয়া মহিলাক আৰ্থিক সাহাৰ্য, ১২ লাখ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি, উজ্বলা আঁচনি, সৌভাগ্য আঁচনি আদিৰ জৰিয়তে গেছ আৰু বিজুলী সংযোজৰ জৰিয়তে জনসাধাৰণৰ দীৰ্ঘদিনৰ সমস্যা সমাধান কৰিছে যিবোৰ কংগ্ৰেছে ৬০ বছৰত ধাৰণাই কৰা নাছিল ৷

তেওঁ কয় যে, এইদৰে বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ৯৬ লাখ লোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰৰ পৰা ধন জমা হৈছে ৷ সেয়েহে চৰকাৰৰ এই উন্নয়নমূলক কামবোৰৰ খতিয়ান ৰাইজৰ সমুখত সঠিকভাৱে উত্থাপন কৰি পৃষ্ঠাপ্ৰমুখসকলক নিৰ্বাচনী অভিযানত প্ৰত্যক্ষভাৱে নামি পৰিবলৈ আহ্বান জনায় ৷

ইপিনে কংগ্ৰেছ আৰু এ আই ডি ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কত সভাপতি গৰাকীয়ে কয় যে, ৰাইজে এনে মিত্ৰতাক ঘৃণাৰ চকুৰে চাইছে আৰু ই বিজেপিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ৷

বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাক্তৰ নোমল মমিনে সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে, পাৰ্বত্য জিলা দুখনৰ পাঁচখন বিধানসভাৰ আসন বিজেপিয়ে অনায়াসে লাভ কৰিব যদিও জয়ৰ ব্যৱধান অধিক কৰাৰ লক্ষ্যৰে কৰ্মকৰ্তাসকলক সাজু হ’বলৈ আহ্বান জনায় ৷ আজিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীনাথ শৰ্মা পূৱ কাৰ্বি আংলং বিজেপিৰ জিলা সভাপতি ধনচিং টেৰণ প্ৰমুখ্যে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ সদস্য আৰু কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে ৷

Exit mobile version