এন আৰ এলৰ অষ্টাদশ সংখ্যক দুৰ্যোগ ব্যৱস্থাপনা অনুশীলন সম্পন্ন

WhatsApp Image 2021 01 22 at 2.38.54 PM

আজি নুমলীগড় শোধনাগাৰৰ অষ্টাদশ সংখ্যক দুৰ্যোগ ব্যৱস্থাপনা অনুশীলন (অফছাইট মক ড্ৰিল) অনুষ্ঠিত হয় । এই অনুশীলন উচ্চ শিখা প্ৰজ্বলকৰ বুজন পৰিমাণৰ হাইড্ৰ’কাৰ্বন বাষ্প নিৰ্গমনক কেন্দ্ৰ কৰি কৰা হয় ।

নিৰ্গত হাইড্ৰ’কাৰ্বন বাষ্পই এক মেঘাচ্ছন্ন সদৃশ পৰিৱেশ সৃষ্টি কৰি দক্ষিণ-পশ্চিম দিশে গতি কৰে । কিছু সময়ৰ পাছত নিকটৱৰ্তী বিষ্ণুপুৰ গাঁৱৰ কিছু সংখ্যক জুপুৰি প্ৰচণ্ড জুইয়ে আগুৰি ধৰে। ইয়াৰ পাছতে গোলাঘাট জিলা প্ৰশাসন আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ তৎপৰাতত এন আৰ এলৰ অগ্নি নিৰ্বাপক আৰু সুৰক্ষা বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

উল্লেখ্য যে এই অনুশীলনৰ সমগ্ৰ প্ৰক্ৰিয়াটোত গোলাঘাট জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগসমূহে প্ৰতি বছৰে সহযোগিতা আগবঢ়াই আহিছে। ইপিনে, এন আৰ এলৰ ভিতৰচৰাত প্ৰতিমাহে এনে মইন’ৰ মকড্ৰিল আয়োজন কৰা হয় বুলিও এন আৰ এল কৰ্তৃপক্ষই জনায়।

আজি দুৰ্যোগ ব্যৱস্থাপনা অনুশীলন পুৱা ১১ বজাত আৰম্ভ হয় আৰু ১২ বজালৈ প্ৰায় ঘণ্টা জুৰি চলে । এই কাৰ্যসূচীৰ সময়ছোৱাত যান-বাহন তথা ৰাইজৰ সুৰক্ষাৰ বাবে নুমলীগড় শোধনাগাৰৰ কাষৰীয়া পুৰণি ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথটো প্ৰশাসনে সম্পূৰ্ণৰূপে বন্ধ ৰাখে।

আনহাতে, মকড্ৰিলৰ অন্তত নুমলীগড় শোধনাগাৰৰ প্ৰশাসনিক ভৱনত জিলা প্ৰশাসন আৰু এন আৰ এলৰ যৌথ সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত এন আৰ এলৰ দাঁতি-কাষৰীয়া অঞ্চলত এনে বিপত্তিয়ে দেখা দিলে এন আৰ এলৰ অগ্নি নিৰ্বাপক আৰু সুৰক্ষা বিভাগে ৰাইজক সহায় কৰিবলৈ সাজু থাকিব বুলিও প্ৰকাশ কৰে।

ইতিমধ্যে বানপানী আৰু বিভিন্ন অগ্নিকাণ্ডৰ সময়ছোৱাত প্ৰদৰ্শিতাৰে কাম কৰি সুনাম বুটলিবলৈ সক্ষম হৈছে বুলিও সংবাদমেলত প্ৰকাশ কৰে।

Exit mobile version