ডেৰ বছৰৰ বাবে নতুন কৃষি আইন স্থগিত ৰখাৰ প্ৰস্তাৱ নাকচ প্ৰতিবাদী কৃষক সংগঠনবোৰৰ

Famers meeting 3 1200 1

দশম পৰ্যায়ৰ বৈঠকতো সমাধানৰ সূত্ৰ পোৱা নগ’ল । কৃষি আইন প্ৰত্যাহাৰত অটল কৃষক সংগঠনবোৰৰ আংশিক দাবী মানি বৈঠকত কেন্দ্ৰৰ প্ৰস্তাৱ আছিল যে তিনি কৃষি আইন ডেৰ বছৰৰ বাবে কাৰ্যকৰী কৰা নহয় । কেন্দ্ৰৰ এই প্ৰস্তাৱো নাকচ কৰে কৃষক সংগঠনবোৰে । সংযুক্ত কিষান মৰ্চাই কালি সাংবাদিক বৈঠকত কৃষক সংগঠনবোৰৰ সিদ্ধান্ত জানিবলৈ দিয়ে । ফলত কৃষি আইন সন্দৰ্ভত অচল অৱস্থা বাহাল থাকিল ।

বুধবাৰে কৃষক সংগঠনবোৰৰ স’তে কেন্দ্ৰৰ দশম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত তিনি কৃষি আইন ডেৰ বছৰৰ বাবে কাৰ্যকৰী নহয় বুলি কৃষকবোৰৰ সন্মুখত প্ৰস্তাৱ ৰাখে কেন্দ্ৰই । প্ৰাথমিক পৰ্যায়ত বিষয়টো সন্দৰ্ভত বিবেচনা কৰা হ’ব বুলি জনাইছিল কৃষক সংগঠনবোৰে ।

পৰৱৰ্তী সময়ত সংবাদমেল অনুষ্ঠিত কৰি সংযুক্ত কিষান মৰ্চাই জনা‌য় যে, চৰকাৰৰ এই প্ৰস্তাৱ তেওঁলোকে নামানে । ফলত নতুন কৃষি আইন পূৰ্ণ প্ৰত্যাহাৰ আৰু ন্যূনতম সমৰ্থিত মূল্য (এন এছ পি)ক আইনী প্ৰত্যাভূতিৰ দাবীতে অটল থাকিল কৃষক সংগঠনবোৰ ।

কালি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰে সংবাদ মেলত জনায় যে, তিনি কৃষি আইন ডেৰ বছৰৰ বাবে স্থগিত ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে কৃষক সংগঠনবোৰক । এটা যৌথ কমিটি গঠন কৰা হ’ব । সেই কমিটিয়ে যেতিয়ালৈকে এই প্ৰসংগত ৰিপ’ৰ্ট নিদিয়ে, তেতিয়ালৈকে আইন বলৱৎ কৰা নহ’ব ।

আজি পুনৰ কেন্দ্ৰৰ স’তে বৈঠকত মিলিত হ’ব কৃষক সংগঠনবোৰে । এই বৈঠকত সমস্যাৰ সমাধান পোৱা যাব নে নাই সেয়া লক্ষ্যণীয় হ’ব ।

Exit mobile version