দিনটোৰ ৰাশিফল

love horoscope 2020 zodiac wheel astrology 2561729

মেষঃ মনৰ স্থিৰতা ৰখা দৰকাৰ হ’ব । ভবামতে কামত অগ্ৰসৰ হ’ব । প্ৰেম-প্ৰীতিত বেছি আগনবাঢ়াই ভাল । ঘৰুৱাত মধ্যম । শুভ ৰং পাতল নীলা ।

বৃষঃ মুক্তভাৱে ধন-বিত নাৰাখিব । বিদ্যাত মধ্যম । মন চঞ্চল থাকিব । শৰীৰ বেয়া নহ’ব । কোনো আশাপূৰ্ণ যোগাযোগত আনন্দিত । শুভ ৰং আকাশী ।

মিথুনঃ ভ্ৰমাণাদি পাৰিলে স্থগিত ৰাখক । শৰীৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব । কোনো বন্ধু-বান্ধৱৰ বাবে কিবা চিন্তা । আত্মীয়ক লৈ উদ্বেগৰ কাৰক । শুভ ৰং বগা ।

কৰ্কটঃ মজলীয়া দিন শৰীৰ সম্পৰ্কে একেবাৰে অৱজ্ঞা নকৰিব । বিয়া-বাৰুৰ বাবে যোগাযোগত মজলীয়া আশা । পঢ়াতো তদ্ৰূপ । শুভ ৰং পাতল সেউজীয়া ।

সিংহঃ আপোনাৰ নিজৰ ভাবমূৰ্তি নিজে মানি চলাৰ বাবে এই সময়ত প্ৰতিকূল পৰিৱেশৰ সম্ভাৱনা আছে । এনেয়ে দিনটো মধ্যম থাকিব । ব্যৱসায়ত শুভ । শুভ ৰং ৰঙা ।

কন্যাঃ বিষয়-সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব । অৱশ্যে আপোনাৰ নিশ্চিত চেষ্টা থাকিব লাগিব । কিছুমান পাৰিৱেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লোৱাটো টান হ’ব । শুভ ৰং গেৰুৱা ।

তুলাঃ দূৰ যাত্ৰাদিত বাধা থাকিব । শৰীৰো শুভ নহ’ব সংযোগৰ আশা আছে । স্বাধীন কৰ্মত মৰম । শুভ ৰং হালধীয়া ।

বৃশ্চিকঃ শৰীৰ সম্পৰ্কে ফ
সচেতন ব্যক্তিৰ চিন্তা কম । দুই-এটা ধৰ্মীয় কথাত উৎসাহিত হ’ব আৰু সক্ৰিয় হ’লে অত্যন্ত ব্যস্ততা বাঢ়িব । প্ৰেম-প্ৰীতিত মধ্যম । শুভ ৰং নীলা ।

ধনুঃ অভাৱনীয় কথাত খৰচৰ পথ ওলাব । নকৰো বুলি বা নিদিওঁ বুলি ভবা কথাকো ৰাখিব নোৱাৰিব । শৰীৰ সম্পৰ্কে সচতনতাৰ দৰকাৰ । বিয়া-বাৰুৰ বন্দৱস্ত কৰিলেও ভুল থাকিব পাৰে । শুভ ৰং আকাশী নীলা ।

মকৰঃ শৰীৰ সম্পৰ্কে বেছি দুৰ্যোগ নাই । বিয়া-বাৰুৰ বাবে চেষ্টা কৰিলেও আজি বিশেষ ফলৱতী নহ’ব পাৰে । ঘৰুৱাত সন্দেহ ঘণীভূত হ’ব পাৰে । শুভ ৰং বগা ।

কুম্ভঃ উন্নত পৰিৱেশ । ঘৰুৱাত মনোমত পৰিৱেশ আশা কৰিব পাৰে । দাম্পত্যতো একে প্ৰভাৱ । সন্তানৰ সান্নিধ্যত উৎসাহিত । পিতৃ-মাতৃৰ কিছু চিন্তা থাকিব । শুভ ৰং গেৰুৱা ।

মীনঃ কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা । নতুন কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বাৰে বাৰে এক ধৰণৰ শংকা থাকিব । অৱশ্যে ভয় কম । প্ৰেম-প্ৰীতিত আনন্দ । শুভ ৰং সেউজীয়া ।

Exit mobile version