তলাবন্ধত ভাৰতীয়ই কৰিলে ১৫ লাখ কোটিৰ অতিৰিক্ত সঞ্চয়

how to save money 2020

সমগ্র বিশ্বতে কৰ’না মহামাৰীৰ ফলত হােৱা তলাবন্ধত সকলাে মানুহৰ দৈনন্দিন জীৱন আৰু ব্যৱসায়-বাণিজ্য নেতিবাচকভাৱে প্ৰভাৱিত হৈছিল, ইয়াৰ পাছতাে তলাবন্ধৰ এক ইতিবাচক দিশৰ সন্ধান লাভ কৰা হ’ল। এক সমীক্ষাৰ তথ্য অনুসৰি তলাবন্ধৰ সময়ত ভাৰতীয়সকলে নিজৰ দৈনন্দিন ব্যয় সংকোচনত সর্বাধিক গুৰুত্ব দিছিল আৰু ইয়াৰ পৰিণতিত দেশবাসীৰ সঞ্চিত ধনৰ পৰিমাণ বৃদ্ধি পাইছিল।

ইউ বি এছৰ প্রতিবেদন প্রকাশ পােৱা মতে,তলাবন্ধৰ দীর্ঘ সময়ছােৱাত ভাৰতীয় পৰিয়ালসমূহে মুঠ ২০০ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত ১,৪৬৭,৫৮৬.৮৩ কোটি টকাৰ অতিৰিক্ত সঞ্চয় কৰিছিল। একেটা প্রতিবেদনত উল্লেখ কৰা মতে, ভাৰতত ঘৰুৱা বাজেট ২০১৪ আৰু ২০১৯ৰ মধ্য ভাগত যথেষ্ট হ্রাস পাইছিল আৰু ইয়াৰ পৰিণতিত ভাৰতীয় পৰিয়ালসমূহৰ অতিৰিক্ত সঞ্চয়ৰ পৰিমাণ ২০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। তলাবন্ধৰ সময়ছােৱাত বিশ্বৰ আন বহু দেশৰ লগতে ভাৰতীয়সকলেও নিজৰ পৰিয়ালৰ ব্যয়ৰ পৰিমাণ সংকোচন কৰিবলৈ বাধ্য হৈছিল আৰু ইয়াৰ পৰিণতিত ভাৰতীয়সকলৰ অতিৰিক্ত সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পায়।

Exit mobile version