পূৱ মৰঙি আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন

7f2fce93 45f9 4369 b67b 09e1e46eefb0

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূৱ মৰঙি আঞ্চলিক সমিতিৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন আজি থুৰাজান নবদীপ্ত সাংস্কৃতিক স্ংঘৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি লেবী টেটেই আৰু শিক্ষক দীপক গগৈয়ে স্মৃতি তৰ্পণ কৰে ইয়াৰ পাছতে অধিৱেশন আৰম্ভ হয় ।

অধিবেশনৰ মুকলি সভাখনি উদ্বোধন কৰে পাক্তন ফলঙনি বাপুজীৰ শিক্ষক তোলেশ্বৰ হাজৰীকাই। সভা উদ্বোধন কৰি তেওঁ কয় যে এটি মহান অনুষ্ঠান আৰম্ভ হয় এটি সৰু গোটৰ পৰা, এখন ঘৰৰ পৰা।ৰাইজৰ সহযোগত, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সহযোগিতাত এই পূব মৰঙি আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন ভৰি দিলে। ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে আৰ্থিক ক্ষেত্ৰত সবল হৈছে বহু ক্ষুদ্ৰ খেতিয়ক।

বহু নিবনুৱা সংস্থাপিত হোৱাৰ লগতে আন বহু নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে। মুকলি সভাখনত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰা, সম্পাদক কৰুনা মহন্তৰ লগতে গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি-সম্পাদকৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। সভাত লেবি টেটেক সভাপতি আৰু ভবেন শইকীয়াক সম্পাদক হিচাপে লৈ এখনি ২১ জনীয়া আঞ্চলিক সমিতি গঠন কৰে বুলি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ জিলা সদস্য অজিত গগৈয়ে জানিবলৈ দিয়ে।

Exit mobile version