ছেনিটাইজাৰ ব্যৱহাৰৰ ফলত বৃদ্ধি পাইছে শিশুসকলৰ চক্ষু-ছৰ্ম সমস্যা

Hand Sanitizer 1200x628 facebook

ক’ভিডৰ বাবে ব্যাপক পৰিমাণে বৃদ্ধি পাইছে হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ । বীজাণুৰ স’তে যুঁজ দিবলৈ যিদৰে ছেনিটাইজাৰ অত্যন্ত প্ৰয়োজনীয় হৈ উঠিছে, আনফালে ছেনিটাইজাৰ ব্যৱহাৰৰ ফলত শিশুসকলৰ সমস্যাও বৃদ্ধি পাইছে । সম্প্ৰতি ‘আমেৰিকান মেডিকেল এছ’ছিয়েছন’ৰ দ্বাৰা প্ৰকাশিত এক গৱেষণা পত্ৰত এই বিষয়টো উল্লেখ কৰা হৈছে ।

গৱেষণাত প্ৰকাশ কৰা হৈছে যে, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰৰ ফলত শিশুসকলৰ চকু আৰু ছালৰ সমস্যা মাৰাত্মকভাৱে বৃদ্ধি পাব পাৰে । শিশুস্বাস্থ্য বিশেষজ্ঞ অপূৰ্ব ঘোষে কয়, ‘হেণ্ড ছেনিটাইজাৰত ৭০ শতাংশই এলক’হল আছে । এই মাত্ৰা অত্যন্ত কাঢ়া । ক’ভিডৰ স’তে যুঁজ দিবৰ বাবে ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ সকলোৱে বাধ্য । কিন্তু ই স্বাস্থ্যৰ বাবে হানিকাৰক । বিশেষকৈ শিশুসকলৰ চকু আৰু ছালৰ বাবে ।’

আমেৰিকান মেডিকেল এছ’ছিয়েছনৰ গৱেষণা অনুযায়ী, ২০১৯ত যিকেইজন শিশুৰ চকুত বিষক্ৰিয়াৰ বাবে চিকিৎসা কৰোৱা হৈছিল তাৰে মাত্ৰ ১.৩ শতাংশৰ বিষক্ৰিয়াৰ কাৰণে আছিল হেণ্ড ছেনিটাইজাৰ । কিন্তু ২০২০ত ইয়াৰ মাত্ৰা বৃদ্ধি পায় হ’লগৈ প্ৰায় ১০ শতাংশ । চকুৰ সমস্যাৰ লগতে ছালৰ সমস্যাও বৃদ্ধি পাইছে ।

ছৰ্ম বিশেষজ্ঞ, চিকিৎসক পিয়ালি চট্টোপাধ্যায়ে কয়, ‘বৰ্তমানেও তথ্যগত কোনো প্ৰমাণ নাই । কিন্তু ৭০ শতাংশ এলক’হলৰ বাবে ছালৰ কিছু পৰিৱৰ্তন হ’ব, সেইটো স্বাভাৱিক । শিশুসকলৰ হাতৰ তলুৱাৰ কোমলতা সম্প্ৰতি কমিবলৈ লৈছে । বহু শিশুৰ আঙুলিৰ ছাল ফাটিবলৈ লৈছে । সাধাৰণতে, সকলো সময়তে মাজা-ধোৱা কাম কৰি থকা লোকসকলৰ ক্ষেত্ৰত এনে সমস্যা দেখিবলৈ পোৱা যায় । শিশুসকলৰ ক্ষেত্ৰত বিৰল । বহুতৰে নখো ফাটিবলৈ লৈছে । নখত খৰ-খজুৱতীৰ দৰে সমস্যাও পৰিলক্ষিত হৈছে ।’

চিকিৎসকসকলৰ মতে, বহু সময়ত শিশুসকলে নিজৰ মখত বা চকুত হাত দিয়ে । সেইসময়ত তেওঁলোকৰ হাতত ছেনিটাইজাৰ লাগি থাকিলে চকুত বা মুখত সোমালে বিষক্ৰিয়া হ’ব পাৰে । অপূৰ্ব ঘোষেও কয় যে, বহু শিশুৱে ভুলতে ছেনিটাইজাৰ খাই পেলোৱা ঘটনাও অহৰহ ঘটি আছে ।

তেওঁ লগতে কয়, ‘ছালত নানা ধৰণৰ বেক্টেৰিয়া থাকে । ইয়াৰে বহুতেই উপকাৰী । এই উপকাৰী বেক্টেৰিয়াবোৰ নাশ হ’লে শিশুসকলৰ অপকাৰ হয় । ছেনিটাইজাৰে উপকাৰী-অপকাৰী সকলোবোৰ বেক্টেৰিয়াই মাৰি পেলায় ।’

কৰ’না সংক্ৰমণ ৰোধ কৰিবৰ বাবে ইমান দিনে ছেনিটাইজাৰ ব্যৱহাৰৰ ওপৰত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল । কিন্তু লাহে লাহে ছেনিটাইজাৰ ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ আনিব লাগিব বুলিও একাংশ চিকিৎসকে মত প্ৰকাশ কৰে । বজাৰত উপলব্ধ ছেনিটাইজাৰবোৰৰ গুণ-মান মূল্যায়ন কৰি ব্যৱহাৰ কৰিবৰ বাবেও উপদেশ দিয়ে চিকিৎসকসকলে ।

অপূৰ্ব ঘোষে জনায়, ‘শিশুসকলে হেণ্ড ছেনিটাইজাৰৰ পৰিৱৰ্তে গ্ল’ভছ ব্যৱহাৰ কৰিব লাগে । তেতিয়া শিশুসকলৰ ছেনিটাইজাৰ ব্যৱহাৰৰ পৰিমাণো কমিব । সংক্ৰমণৰ আশংকাও হ্ৰাস পাব ।’ভাৰতত এনে কোনো তথ্য পোৱা নগ’লেও হেণ্ড ছেনিটাইজাৰ যে শিশুসকলৰ বাবে ক্ষতিকাৰক এই বিষয়ত একমত চিকিৎসকসকল ।

Exit mobile version