গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ হিংসাত্মক ঘটনাৰ ১৫ টা গোচৰ ৰুজু

farmer tractor rally protest delhi tashi

গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীক লৈ দিল্লীত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত ১৫ টা গোচৰ ৰুজু কৰা হৈছে । এই ঘটনাত ৮৬ জন আৰক্ষী আহত হৈছে । লগতে আঠখন বাছ আৰু ১৭খন ব্যক্তিগত বাহন ক্ষতিগ্ৰস্ত হৈছে বুলিও জনায় আৰক্ষীয়ে ।

   

কৃষি আইন বাতিলৰ দাবীত বিগত বৰ্ষৰ নৱেম্বৰৰ শেষৰফালৰ পৰাই হেজাৰ হেজাৰ কৃষকে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি আছে । ইমান দিনে তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আহিছিল । ৰাজধানীৰ কোন পথেদি ৰেলী যাব সেই বিষয়েও আৰক্ষীৰ স’তে কৃষক সংগঠনৰ নেতাসকলৰ আলোচনা হৈ গৈছিল । ট্ৰেক্টৰ লৈ লালকিল্লা যোৱাৰ অভিপ্ৰায় নাই বুলি পূৰ্বেই জনাইছিল ৰাজনৈতিক নেতাসকলে । কিন্তু গণৰাজ্য দিৱসত ট্ৰেক্টৰ পথত নমাৰ লগে লগেই পৰিস্থিতি পৰিৱৰ্তন হৈ পৰে ।

বিভিন্ন ঠাইত বেৰিকেড ভঙাক লৈ আৰক্ষীৰ স’তে কৃষকসকলৰ সংঘৰ্ষ হয় । প্ৰতিবাদী কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ক্ৰন্দন গেছ নিক্ষেপ আৰু লাঠি চালনা কৰা হয় । ইয়াৰ পাছতেই প্ৰতিবাদকাৰীসল আক্ৰামণাত্মক হৈ পৰে আৰু প্ৰতিবাদকাৰীৰ এটা দল লালকিল্লাটো উপস্থিত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ বাবে প্ৰতিবাদকাৰীসকলক সীমান্তত উভতি যাবৰ বাবে ৰাজনৈতিক নেতাসকলে বহুবাৰ অনুৰোধ কৰে । পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও প্ৰতিবাদকাৰীসকলক সংযত হৈ সীমান্তত উভতি যাবৰ বাবে কয় । ভুল আচৰণ কৰি ইমান দিনৰ যুঁজক ব্যৰ্থ নকৰিবলৈ আহ্বান জনায় যোগেন্দ্ৰ যাদৱেও ।

আৰক্ষীয়ে জনায় যে, ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰা বহু কৃষকৰ হাতত তলোৱাৰ, কৃপাণৰ দৰে চোকা অস্ত্ৰ আছিল । বেৰিকেড ভঙাৰ সময়ত সেয়া আৰক্ষীলৈ বুলি তোৱাও পৰিলক্ষিত হয় । এই সকলোবোৰ ঘটনাক লৈয়ে ১৫ টা গোচৰ ৰুজু কৰা হৈছে । কালিৰ এই ঘটনাৰ পাছতেই দিল্লীৰ বিভিন্ন অঞ্চলত কটকটীয়া আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বহুতে দিল্লী আৰক্ষীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ।

Exit mobile version