পিতৃ মাতৃয়ে মিলি হত্যা কৰিলে দুই কন্যাক

Alekhya sitting with her sibling Sai Divya Andhra murder mother 177397b5f0b original ratio

২৪জানুৱাৰীত সংঘটিত হৈছে এই নিসংগ হত্যা কাণ্ড । অন্ধ প্ৰদেশৰ মোদনপল্লিৰ বাসিন্দা পুৰুষোত্তম আৰু পদ্মজাই মিলি হত্যা কৰে তেওঁলোকৰ দুই কন্যাক।দুই কন্যাৰ এগৰাকীৰ বয়স ২৭ আৰু এগৰাকীৰ ২২বছৰ আছিল।

হত্যাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মহিলাগৰাকীক ক’ভিড পৰীক্ষা কৰিবলৈ হাস্পতালত ভৰ্তি কৰোৱাত পদ্মজাই ক’ভিড পৰীক্ষা কৰাবলৈ সন্মত নহয় ।

তেওঁ কয় স্বয়ং শিৱ, তেৱেঁই জন্ম দিছে কৰ’নাৰ আৰু মোৰ কৰ’না পৰীক্ষাৰ কোনো প্ৰয়োজন নাই। বহুত সময় বুজোৱাৰ পিছত মহিলাগৰাকীক ক’ভিডৰ পৰীক্ষা কৰোৱা হয়।

লগতে গ্ৰেপ্তাৰৰ পিছত পিতৃ মাতৃ দুগৰাকীয়ে কয় ,ইয়াৰ পিছতে আৰম্ভ হ’ব কলিযুগৰ শেষ আৰু সত্য যুগৰ আৰম্ভ । তেওঁলোকৰ দাবী যে তেওঁলোকৰ মৃত সন্তান অতি শীঘ্ৰে পুনৰ জীৱিত হৈ উঠিব ।

অঞ্চলবাসীয়ে জানিবলৈ দিয়া মতে ,লকডাউনৰ সময়ছোৱাত পদ্মজা আৰু পুৰুষোত্তমৰ আচৰণ আছিল আচৰিত ধৰণৰ ।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয় যদি আৰক্ষীয়ে সেই সময়ত হস্তক্ষেপ নকৰিলে হয়, তেন্তে দম্পতিহালে নিজকে হত্যা কৰিলেহেতেন, এই বিশ্বাসত যে তেওঁলোক সকলোৱে পিছত পুনৰ জীৱিত হ’ব ।

Exit mobile version